
অসম চৰকাৰৰ কেইবাটাও বিভাগৰ মঙলদৈস্থিত কাৰ্যালয়ত আজি আকস্মিকভাৱে উপস্থিত হৈ দৰং জিলাৰ নৱনিযুক্ত উপায়ুক্ত ঘনশ্যাম দাসে পৰিদৰ্শন কৰাত একাংশ চৰকাৰী কৰ্মচাৰীৰ প্ৰকৃত স্বৰূপ ওলাই পৰে। জিলাখনৰ চৰকাৰী কাৰ্যালয়ৰ অধিকাংশ বিষয়া-কৰ্মচাৰীয়ে গুৱাহাটীৰ পৰা অহা হেতুকে নিৰ্ধাৰিত সময়ত কাৰ্যালয়ত উপস্থিত হ'ব নোৱাৰা আৰু সময় নহওঁতেই কাৰ্যালয় ত্যাগ কৰি গুৱাহাটী অভিমুখী হোৱাৰ অভিযোগ দীৰ্ঘদিন ধৰি সততে উত্থাপিত হৈ আহিছিল আৰু তাক আজি প্ৰমাণিত কৰিলে জিলাৰ মুৰব্বীগৰাকীয়ে। উপায়ুক্ত দাসে আজি গড়কপ্তানী গৃহ, গড়কপ্তানি ৰাজ্যিক পথ সংমণ্ডলৰ কাৰ্যালয়, দৰং জিলা গ্ৰামীণ অভিকৰণ কাৰ্যালয়, মঙলদৈ অসামৰিক চিকিৎসালয় আদি পৰিদৰ্শন কৰে।
অতিৰিক্ত উপায়ুক্ত নৰনাৰায়ণ নাথে সংগ দিয়া এই পৰিদৰ্শনৰ সময়ত গড়কপ্তানী বিভাগৰ দুয়োটা কাৰ্যালয়ৰ লগতে জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ উপস্থিতি সেৰেঙা দেখি তেওঁ আশ্চৰ্য প্ৰকাশ কৰে। উপায়ুক্তগৰাকীয়ে বিষয়া-কৰ্মচাৰীসকলক সময়মতে কাৰ্যালয়ত উপস্থিত হ'বলৈ সকীয়াই দি অকৰ্তৃত্বশীলভাৱে কাৰ্যালয়ত অনুপস্থিত থকা বিষয়া-কৰ্মচাৰীৰ ওপৰত উপযুক্ত ব্যৱস্থা ল'ব বুলি জানিবলৈ দিয়ে। আনহাতে, বিভাগৰ কাম-কাজসমূহ সুচাৰুৰূপে কৰাৰ স্বাৰ্থত বিষয়া-কৰ্মচাৰীসকলক সদৰ স্থানত থাকিবলৈ নিৰ্দেশ দিছে উপায়ুক্তগৰাকীয়ে।
- Log in to post comments
- 361 views