আগন্তুক নিৰ্বাচনত এআইইউডিএফে শক্তিশালী ৰূপত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে আৰু দলে বিজেপিক ক্ষমতাৰ পৰা দূৰৈত ৰখাৰ স্বাৰ্থত কেন্দ্ৰীয় মহাজোঁটত অংশীদাৰ দল হিচাপে থাকিব৷ লগতে অসমতো বিজেপিবিৰোধী মঞ্চ গঠন কৰি বিৰোধী দলসমূহে ঐক্যবদ্ধভাৱে নিৰ্বাচনত যুঁজি অসম আৰু অসমীয়াবিৰোধী বিজেপিক পৰাভূত কৰাৰ পোষকতা কৰে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত দলৰ সাংগঠনিক সম্পাদক আমিনুল ইছলামে এই কথা জানিবলৈ দিয়ে৷
উল্লেখ্য যে শুকুৰবাৰে দিছপুৰৰ বিধায়ক আবাসত দলটোৰ কৰ্ণধাৰ সমিতি আৰু বিভিন্ন জিলাৰ বিষয়ববীয়াসকলৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল৷ উক্ত বৈঠকত আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কে এলানি গুৰুত্বপূৰ্ণ আলোচনা হয়৷ দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত লোকসভা নিৰ্বাচন সম্পৰ্কত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ উল্লেখ্য যে বৰ্তমান দলটোৰ তিনিগৰাকী সাংসদ আছে৷
ইয়াৰ উপৰি নগাঁও, কলিয়াবৰ, শিলচৰ, মঙলদৈ লোকসভা সমষ্টিত জিলাকেইখনৰ দলীয় কৰ্মীসকলে নিৰ্বাচনত প্ৰাৰ্থী অৱতীৰ্ণ কৰোৱাৰ দাবী উত্থাপন কৰে বুলিও প্ৰেছ বিবৃতিটোত প্ৰকাশ৷ দলীয় কৰ্মীৰ দাবীসমূহ আগন্তুক দলীয় বৈঠকত বিবেচনা কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে বুলিও বিবৃতিটোত প্ৰকাশ৷ লগতে প্ৰতিটো লোকসভা সমষ্টিত দলৰ যুৱ মৰ্চা, মহিলা মৰ্চা আৰু ছাত্ৰ মৰ্চাক সাংগঠনিক দিশ শক্তিশালী কৰি নিৰ্বাচনৰ বাবে প্ৰস্তুত হ'বলৈ নিৰ্দেশ দিয়ে৷
উক্ত বৈঠকতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিধানসভাত দলৰ বিধায়কসকলে শক্তিশালী বিৰোধ কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে ৰাজ্যসভাত যাতে কোনো কাৰণতেই এই বিধেয়ক গৃহীত কৰিব নোৱাৰে তাৰবাবে অন্যান্য ৰাজনৈতিক দলসমূহক বিৰোধিতা কৰিবলৈ আহ্বান জনাবলৈ সভাপতিক দায়িত্ব অৰিপণ কৰে৷
- Log in to post comments
- 62 views