আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সবাতোকৈ কম বয়সত অৰ্ধশতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হ'ল নেপালৰ ৰোহিত কুমাৰ পৌড়েল। ১৬ বছৰ ১৪৬ দিনত শনিবাৰে ডুবাইত সংযুক্ত আৰব এমিৰেটছৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জনেৰে নতুন অভিলেখ গঢ়িলে পৌড়েলে। খেলুৱৈজনে ৫৮টা বলত ৫৫ ৰাণ কৰে।
এদিনীয়া খেলখনত নেপালে নিৰ্ধাৰণ কৰি দিয়া ২৪২ ৰাণৰ লক্ষ্য অনুসৰণ কৰিবলৈ গৈ এমিৰেটছৰ দলটো ৯৭ ৰাণতে সীমাবদ্ধ থাকে। উল্লেখ্য যে আফ্ৰিডীয়ে ১৬ বছৰ ২১৭ দিনত শ্ৰীলংকাৰ বিৰুদ্ধে ৩৭টা বলত শতক অৰ্জন কৰিছিল। আনহাতে, তেণ্ডুলকাৰে ১৬ বছৰ ২১৩ দিনত তেওঁৰ প্ৰথমটো টেষ্ট অৰ্ধশতক কৰিছিল।
- Log in to post comments
- 109 views