দুই অসমীয়া সন্তানলৈ পদ্মশ্ৰী বঁটা

দুই অসমীয়া সন্তানলৈ পদ্মশ্ৰী বঁটা

অসমৰ বিশিষ্ট শৈল্য চিকিৎসক ডাঃ ইলিয়াছ আলী আৰু প্ৰসিদ্ধ উদ্ভাৱক তথা বিখ্যাত বিজ্ঞানী উদ্ধৱ কুমাৰ ভৰালীক ২০১৯ বৰ্ষৰ পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে। দুগৰাকী অসম সন্তান, সমাজ সেৱক চিকিৎসক ইলিয়াছ আলী আৰু দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় বহু যন্ত্ৰ উদ্ভাৱক উদ্ভৱ কুমাৰ ভৰালীক পদ্মশ্ৰী সন্মান আগবঢ়োৱাত ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকে উৎফুল্লিত হৈ পৰিছে।

দুই অসমীয়া সন্তানলৈ পদ্মশ্ৰী বঁটা

উল্লেখ্য যে দৰং জিলাৰ চেঙেলীয়াঝাৰৰ ওচৰৰ জজীয়াত জন্মগ্ৰহণ কৰা প্ৰখ্যাত শৈল্য চিকিৎসক ইলিয়াছ আলীয়ে পুৰুষৰ বন্ধ্যাকৰণ পদ্ধতি ব্যৱহাৰ কৰি জনবিস্ফোৰণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰি সমাজ জীৱনলৈ প্ৰশংসনীয় বৰঙণি আগবঢ়াইছে। আনহাতে, দৈনন্দিন জীৱন-যাত্ৰাৰ বাবে প্ৰয়োজনীয় ১৪৯বিধ যন্ত্ৰ উদ্ভাৱন কৰি উদ্ভাৱক উদ্ভৱ কুমাৰ ভৰালীয়ে সমাজলৈ অনবদ্য বৰঙণি আগবঢ়াইছে।

দুই অসমীয়া সন্তানলৈ পদ্মশ্ৰী বঁটা

উল্লেখ্য যে আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী উদ্ধৱ কুমাৰ ভৰালীয়ে এই আৱিষ্কাৰৰ জৰিয়তে ইতিমধ্যে তিনিটা আন্তৰ্জাতিক বঁটা, ১৩টা ৰাষ্ট্ৰীয় বঁটা আৰু ১১টা ৰাজ্যিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। বিখ্যাত বিজ্ঞানীজনৰ আৱিষ্কাৰ সন্দৰ্ভত ডিস্ক'ভাৰী, বিবিচি আদি চেনেলত বিশদভাৱে সম্প্ৰচাৰ হৈছে।

Your Comments