ঋষি লহকৰ, নিউজ এএছএন
আজি ভাৰতৰ ৭০সংখ্যক গণৰাজ্য দিৱসৰ দিনা নতুন দিল্লীৰ পেৰেড অনুষ্ঠানত 'পূবৰ মানচেষ্টাৰ' শুৱালকুছিৰ বয়ন শিল্পীসকলৰ সাধনাক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰা হৈছে। অসমৰ প্ৰতীক পট হিচাপে শুৱালকুছিৰ বয়ন শিল্পক যোৱা ২১ জানুৱাৰীত প্ৰতিৰক্ষা মন্ত্ৰালয়ে অনুমোদন জনাইছিল। এই প্ৰতীক পটটোত ১৯৪৬ চনত মহাত্মা গান্ধীৰ শুৱালকুছি ভ্ৰমণক প্ৰদৰ্শন কৰা হৈছে। উল্লেখ্য যে বিভিন্ন স্তৰত অতি কঠোৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে এই প্ৰতীক পটসমূহ নিৰ্বাচিত কৰা হয়।
এই প্ৰতীক পটটোক 'পীচ উইডিন' (Peace within) বিষয়ত সন্নিৱিষ্ট কৰি নিৰ্বাচন কৰা হৈছে৷ এই প্ৰতীক পটসমূহ নিৰ্বাচন কৰাৰ বাবে এখন বিশেষজ্ঞ কমিটী গঠন কৰা হয়। তাৰ পিছত ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে উক্ত প্ৰতীক পটসমূহ নিৰ্বাচন কৰে। উল্লেখ্য যে ২০১৯ চনৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰাৰ বাবে ৩২খন ৰাজ্যৰ ভিতৰত ১৪খন ৰাজ্যহে নিৰ্বাচিত হৈছে।
- Log in to post comments
- 16 views