দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে এক ব্যতিক্ৰম ঘটনা। সমগ্ৰ দেশতে আজি উদ্যাপন হয় ৭০সংখ্যক গণৰাজ্য দিৱস৷ মিজোৰামতো কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে ৰাজ্যপাল কুম্মানাম ৰাজশেখৰণে৷ কিন্তু এই অনুষ্ঠানতে সংঘটিত হয় এক অঘটন৷ গণৰাজ্য দিৱস আয়োজিত খেলপথাৰত উপস্থিত নাই দৰ্শক তথা সৰ্বসাধাৰণ ৰাইজ৷ উপায়ন্তৰ হৈ ৰাজ্যপাল কুম্মানাম ৰাজশেখৰণে খালী আসনৰ সন্মুখতে নিজৰ ভাষণ দিবলগীয়া হয়।
অনুষ্ঠানত উপস্থিত থাকে কেৱল মিজোৰাম চৰকাৰৰ কেইগৰাকীমান মন্ত্ৰী, বিধায়ক আৰু ৰাজ্যখনৰ কেইজনমান উচ্চপদস্থ বিষয়া৷ ৰাজ্যখনৰ কেইবাটাও জাতীয় সংগঠনে গণৰাজ্য দিৱস বৰ্জনৰ বাবে জনোৱা আহ্বানৰ ফালশ্ৰুতিতে উক্ত অনুষ্ঠানটোত এজনো লোক উপস্থিত নাথাকিল। উল্লেখ্য যে ৰাজ্যখনত আজি কিছু দিনৰ পৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আহ্বান জনোৱা গণৰাজ্য দিৱস বৰ্জনৰ প্ৰতি জনসাধাৰণৰ সঁহাৰিয়েই এই বিধেয়কখনৰ বিৰুদ্ধে ৰাইজৰ যি ক্ষোভ সেয়া প্ৰমাণ কৰিলে।
অৱশ্যে তাৰ মাজতে আৰক্ষী আৰু সামৰিক বাহিনীয়ে পেৰেডত অংশ লয়। আনহাতে, খালী চকী আৰু খালী খেলপথাৰতে ৰাজ্যপালজনে ৰাজ্যখনৰ বাবে মিজোৰাম চৰকাৰে গ্ৰহণ কৰা কেইবাটাও জনমুখী আঁচনিৰ কথা উল্লেখ কৰে। ইফালে মণিপুৰতো কেইবাটাও ছাত্র সংগঠনে গণৰাজ্য দিৱস বৰ্জনৰ কাৰ্যসূচী ঘোষণা কৰাৰ ফলত ইম্ফলকে ধৰি অন্যান্য স্থানত আয়োজিত হোৱা গণৰাজ্য দিৱস অনুষ্ঠান কাৰ্যসূচীত সেৰেঙা পৰিবেশ দেখা পোৱা যায়।
অসমৰ চবুৰীয়া ৰাজ্য মেঘালয়তো গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পূৰ্বৰ দৰে ৰাইজৰ উপস্থিতি দেখা পোৱা নগ'ল। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কিছুদিন ধৰি চবুৰীয়া ৰাজ্যখনতো প্ৰতিবাদ অব্যাহত আছে।
- Log in to post comments
- 22 views