নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ২-০ৰ অগ্ৰগতি ভাৰতৰ

নিউজীলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ২-০ৰ অগ্ৰগতি ভাৰতৰ

নিউজীলেণ্ডক দ্বিতীয় এদিনীয়াত ৯০ ৰাণত পৰাস্ত কৰি ভাৰতে শৃংখলাত ২-০ৰ অগ্ৰগতিৰ লাভ কৰিছে৷ আজি অভেলত অনুষ্ঠিত দ্বিতীয় এদিনীয়াত জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়া ৩২৫ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ঘৰুৱা দলটোৱে ৪০.২ অ'ভাৰত ২৩৪ ৰাণতে ইনিংছ সামৰে৷ উল্লেখ্য যে টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা ভাৰতৰ আৰম্ভণি আছিল অতি শক্তিশালী৷ অ'পেনাৰ যুটী ৰোহিত শৰ্মা আৰু শিখৰ ধৱনে প্ৰথম উইকেটত ১৫৪ ৰাণ ৰাণ সংগ্ৰহ কৰি দলৰ বাবে শক্তিশালী ভেটি তৈয়াৰ কৰে৷

ৰোহিত শৰ্মাই ৮৭ আৰু শিখৰ ধৱনে ৬৬ ৰাণৰ বৰঙণি আগবঢ়ায়৷ ইয়াৰ পিছত বেটিং কৰিবলৈ অহা অধিনায়ক কোহলীয়ে ৪৩ ৰাণ আৰু অম্বতি ৰায়ডুৱে ৪৭ ৰাণৰ বৰঙণি আগবঢ়াই দলক এক শক্তিশালী স্থিতিত উপনীত কৰায়৷ মহেন্দ্ৰ সিং ধোনীয়ে ৩৩ বলত ৪৮ আৰু কেদাৰ যাদৱে ১০ বলত ২২ ৰাণৰ বৰঙণি আগবঢ়ায়৷ ভাৰতে সংগ্ৰহ কৰে ৪ উইকেটত ৩২৪ ৰাণ৷ ৩২৫ ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি নিউজীলেণ্ডে ৪০.২ অ'ভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ২৩৪ ৰাণতে থমকি ৰয়৷ নীউজীলেণ্ডৰ হৈ সৰ্বাধিক ৫৭ ৰাণৰ ইনিংছ খেলে ব্ৰেকৱেলে৷

নিউজীলেণ্ডৰ সফলতম বলাৰ হিচাপে ট্ৰেণ্ট ব'ল্টে ১০ অ'ভাৰত ৬১ ৰাণৰ বিনিময়ত ২টা উইকেট লাভ কৰে৷ আনহাতে, ভাৰতৰ হৈ কুলদীপ যাদৱে ৪৫ ৰাণৰ বিনিময়ত সৰ্বাধিক ৪টা উইকেট লাভ কৰে৷ যজুবেন্দ্ৰ চহল আৰু ভুৱনেশ্বৰ কুমাৰে ২টাকৈ উইকেট দখল কৰে৷ মেন অব্‌ দ্য মেট্‌ছৰ সন্মান লাভ কৰে ৰোহিত শৰ্মাই৷ 
 

Your Comments