অৱশেষত ডঃ ভূপেন হাজৰিকালৈ আহিল দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন৷ অসমবাসীয়ে বহু দিনৰ পৰা দাবী জনাই অহা আহ্বানৰ প্ৰতি যেন সন্মান প্ৰদৰ্শন কৰে কেন্দ্ৰীয় চৰকাৰে৷ মৰণোত্তৰভাৱে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকালৈ প্ৰদান কৰা হয় ভাৰত ৰত্ন সন্মান৷ আজি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে এই সন্মানৰ কথা৷
ভূপেন হাজৰিকাৰ লগতে দেশৰ আন দুগৰাকী ব্যক্তিলৈও আগবঢ়োৱা হৈছে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন৷ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখলৈও ভাৰত ৰত্ন সন্মান আগবঢ়োৱা হৈছে৷
উল্লেখ্য যে মৰণোত্তৰভাৱে নানাজী দেশমুখলৈও এই সন্মান আগবঢ়োৱা হৈছে৷ নানাজী দেশমুখ আছিল ৰাজ্যসভাৰ ভূতপূৰ্ব সাংসদ আৰু ভাৰতীয় জনসংঘৰ নেতা৷
- Log in to post comments
- 48 views