ভাৰত-ভূটান সীমান্তত নলবাৰীৰ দুই যুৱকৰ সলিল সমাধি

ভাৰত-ভূটান সীমান্তত নলবাৰীৰ দুই যুৱকৰ সলিল সমাধি

তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৰ কালানদীৰ বুকুত আজি নলবাৰীৰ পৰা ফুৰিবলৈ অহা দুজন যুৱকৰ সলিল সমাধি ঘটে। মৃত দুয়ো যুৱকৰ ঘৰ নলবাৰী থানাৰ জাপাৰকুছি গাঁৱত। দেওবাৰ হোৱা বাবে আজি নিজ অঞ্চলৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত চাৰিজনকৈ বন্ধু ক্ৰমে ৰাজু ভট্ট (৩৩) মনোজ দত্ত(৩৪) ত্ৰিপালোক ডেকা (৩৩) আৰু ধনজিৎ বৰ্মন (৩৩) ভূটান সীমান্তলৈ ফুৰিবলৈ গৈছিল।

NEWS

চাৰিও বন্ধু সীমান্তবৰ্তী অঞ্চলৰ কালানদীৰ বুকুত ফটো তুলি থাকোতে ধনজিৎ বৰ্মন নামৰ এজন বন্ধু নদীৰ বুকুত পৰি যায়৷ ৰাজু ভট্ট নামৰ যুবকজনে সাঁতুৰিব নজনা সত্বেও ধনজিৎ বৰ্মন নামৰ বন্ধু জনক বচাবলৈ নদীৰ বুকুত জাঁপ দিয়ে৷ পিছত ৰাজুক বচাবলৈ মনোজ দত্ত নামৰ আন এজন যুবক পুনৰ নদীৰ বুকুত জাঁপ দিয়ে।

ধনজিৎ বৰ্মন নদীৰ প্ৰবল সোঁতৰ পৰা কথমপি উঠি আহে যদিও ৰাজু ভট্ট আৰু মনোজ দত্ত নদীৰ প্ৰবল সোঁতত পৰি সলিল সমাধি ঘটে। ঘটনা সন্দৰ্ভত দৰংগা আৰক্ষী চকীত খবৰ দিয়াত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ততালিকে এটি আৰক্ষী দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি ৰাজু ভট্টক পাটকীজুলী হস্পতাললৈ প্ৰেৰণ কৰে আৰু মনোজ দত্তৰ মৃতদেহটো দৰংগামেলা আৰক্ষী চকীলৈ লৈ আহে। ইপিনে ঘটনাৰ খবৰ পাই নলবাৰীৰ পৰিয়ালৰ লোকসকল আহি দৰংগামেলা আৰক্ষী চকীত উপস্থিত হয় ।

Your Comments