বৰপেটাৰোডত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু মৰেল পুলিচৰ সন্ত্ৰাসৰ বিৰুদ্ধে সজাগতা সভা

local_news

ইলোৰা বিজ্ঞান মঞ্চৰ বৰপেটাৰোড শাখাৰ উদ্যোগত আজি বৰপেটাৰোড সাহিত্য সভা ভৱনত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু মৰেল পুলিচৰ সন্ত্ৰাসৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত হয় ৷

NEWS

ইলোৰা বিজ্ঞান মঞ্চৰ বৰপেটাৰোড শাখাৰ সভাপতি ডাঃ নাৰায়ণ দাসৰ সঞ্চালনাত অনুষ্ঠিত সভাখনিৰ বিষয়বস্তু উপস্থাপন কৰে ইলোৰা বিজ্ঞান মঞ্চৰ বৰপেটাৰোড শাখাৰ সম্পাদক জগন্নাথ ৰবি দাসে ৷

সভাত অন্ধবিশ্বাস, কুসংস্কাৰ আৰু মৰেল পুলিচৰ সন্ত্ৰাসৰ বলি হৈ কাৰ্বিআংলঙত নিহত নীলোৎপল দাস আৰু অভিজিৎ নাথৰ প্ৰতি ডঃ চুলতান আলী আহমেদে উপস্থাপন কৰা শোক প্ৰস্তাৱটো সৰ্বসন্মতিক্ৰমে গৃহীত কৰি তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় ৷

a

সজাগতা সভাখনত ইলোৰা বিজ্ঞান মঞ্চৰ ৰাজ্যিক সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ চন্দ্ৰ মোহন শৰ্মা, ইলোৰা বিজ্ঞান মঞ্চৰ ৰাজ্যিক কোষাধ্যক্ষ বাসুদেৱ দাস, বৰ্ষীয়ান বামপন্থী নেতা হেমেন দাসে অন্ধবিশ্বাস, কুসংস্কাৰ আৰু মৰেল পুলিচৰ সন্ত্ৰাসৰ ভয়াৱহতাৰ ওপৰত বিশদ বক্তব্য আগবঢ়ায় ৷

এইক্ষেত্ৰত ৰাইজক সজাগ হৈ থাকি ইয়াক প্ৰতিহত কৰিবলৈ ৰাইজক আহ্বান জনায় ৷ সভাৰ শেষত মথুৰা দাসে আটাইকে শলাগৰ শৰাই আগবঢ়ায় ৷

Your Comments