গোপীনাথ বৰদলৈৰ মৃত্যু তিথি উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা

local_news

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৬৯সংখ্যক মৃত্যুতিথিৰ লগত সংগতি ৰাখি গোপীনাথ বৰদলৈ ন্যাস আৰু একাংশ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত ৰঙিয়া জৱাহৰলাল নেহৰু প্ৰাথমিক বিদ্যালয়ত আজি চিত্ৰাংকন প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানটোত উপস্থিত থাকি ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা গোপীনাথ বৰদলৈৰ সুযোগ্য পুত্ৰ বীৰেন্দ্ৰ নাথ বৰদলৈয়ে দেউতাক গোপীনাথ বৰদলৈৰ জীৱন-আৰ্দশৰ ওপৰত ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানটোত উপস্থিত থাকি প্ৰাক্তন বিধায়ক অনন্ত ডেকাই অসমৰ প্ৰথমগৰাকী মুখ্য মন্ত্ৰী গোপীনাথ বৰদলৈয়ে অসমখনৰ ক্ষেত্ৰত কৰি যোৱা ত্যাগ আৰু অৱদানৰ কথা উল্লেখ কৰে। অসমৰ ৰাজনীতি, শিক্ষা, স্বাস্থ্য খণ্ডৰ লগতে সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা মহান ব্যক্তিগৰাকীৰ জীৱনাদৰ্শক আজিৰ অনুষ্ঠানটোৰ মাজতে গোপীনাথ বৰদলৈ ন্যাস তথা উপস্থিত একাংশ লোকে ৰোমন্থন কৰাৰ লগতে তেখেতৰ চিন্তা, কৰ্ম আৰু আৰ্দশৰে উদ্বুদ্ধ হোৱাৰ এক বাতাবৰণ গঢ়ি তোলাৰ উদ্দেশ্যে অহা ৫ আগষ্টত দিনজোৰা কাৰ্যসূচীৰে মহান ব্যক্তিগৰাকীৰ মৃত্যু তিথি হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত কৰা হ'ব বুলিও গোপীনাথ বৰদলৈ ন্যাসে জানিবলৈ দিয়ে।

Your Comments