প্ৰত্যক্ষ ৰাজনীতিলৈ প্ৰিয়ংকা গান্ধী

2

লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় ৰাজনীতিৰ  এটা গুৰুত্বপূৰ্ণ ঘটনাক্ৰম। প্ৰিয়ংকা গান্ধীয়ে আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিলে ৰাজনীতিত।কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে বুধবাৰে প্ৰিয়ংকা গান্ধী ভদ্রক ৰাষ্ট্ৰীয় মহাসচিব হিচাপে নিযুক্তি দিছে।

তেওঁক লোকসভা নিৰ্বাচনৰ বাবে পূব-উত্তৰ প্ৰদেশৰ দায়িত্ব প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে প্ৰিয়ংকা গান্ধীয়ে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আহিছিল। উল্লেখ্য যে প্ৰিয়ংকাক পোনপটীয়াকৈ ৰাজনীতিলৈ আহিবলৈ কংগ্ৰেছৰ কৰ্মী-সমৰ্থকসকলে বহু বছৰৰ পৰা আহ্বান জনাই আহিছিল। প্ৰিয়ংকা গান্ধীৰ  যথেষ্ট জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা আছে বুলি তেওঁলোকে এই আহ্বান জনাইছিল।বিগত সময়ত ৰাহুল গান্ধীৰ নেতৃত্বত  কেইবাখনো ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছ ব্যৰ্থ হোৱাৰ সময়ত এই দাবী জোৰদাৰভাৱে উত্থাপন হৈছিল।

এতিয়া কংগ্ৰেছ হাইকমাণ্ড অৰ্থাৎ ভাতৃ ৰাহুল গান্ধীয়ে কৰ্মী-সমৰ্থকসকলৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই প্ৰিয়ংকা গান্ধীক প্ৰত্যক্ষভাৱে ৰাজনীতিলৈ আনিছে। প্ৰিয়ংকাৰ প্ৰত্যক্ষভাৱে ৰাজনীতিত প্ৰৱেশে দেশৰ সাম্প্ৰতিক নিৰ্বাচনী ৰাজনীতিত কংগ্ৰেছক সন্তোষজনক অগ্ৰগতি প্ৰদান কৰিব বুলি দলটোৰ হাইকমাণ্ডে আশা কৰিছে। উত্তৰ প্ৰদেশতো কংগ্ৰেছৰ বাবে সুফল কঢ়িয়াই আনিব বুলি হাইকমাণ্ডে আশা প্ৰকাশ কৰিছে।

দোহৰাৰ প্ৰয়োজন নাই, সমাজবাদী পাৰ্টি আৰু বহুজন সমাজ পাৰ্টিয়ে তেওঁলোকৰ জোঁটবন্ধনত কংগ্ৰেছক চামিল নকৰাত হিন্দী বলয়ৰ ৰাজ্যখনত কংগ্ৰেছৰ স্থিতি দুৰ্বল হিচাপে বিবেচিত হৈছে।

Your Comments