দৰঙত যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণৰ প্ৰৰ্দশনীমূলক খেতি

দৰঙত যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণৰ প্ৰৰ্দশনীমূলক খেতি

মঙলবাৰে কৃষি বিজ্ঞান কেন্দ্ৰ, দৰং আৰু আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান (IRRI)ৰ যুটীয়া উদ্যোগত এপাৰ্টৰ (APART) ধান সংক্ৰান্তীয় আঁচনিৰ অধীনত ধানৰ দলিচা কঠীয়াতলি বা মেট নাৰ্ছাৰী প্ৰস্তুতকৰণৰ পদ্ধতিৰ ওপৰত দৰং জিলাৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ লাউজানত এদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হৈ যায়। প্ৰশিক্ষণ প্ৰদান কৰে আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠানৰ বিশেষজ্ঞ জ্যোতি বিকাশ নাথ আৰু বিপিন কুমাৰে। অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰ, দৰঙৰ সহকাৰী আঁচনি বিজ্ঞানী নীলাক্ষী দত্ত উপস্থিত থাকে। উল্লেখ্য যে যন্ত্ৰৰ জৰিয়তে কঠীয়া ৰোপণৰ বাবে এনে কঠীয়াতলি হ'ল প্ৰাথমিক প্ৰয়োজন৷ কঠীয়াতলিত ধনৰ বীজ সিঁচাৰ পৰা ১৪-১৮ দিনৰ ভিতৰত মূল পথাৰত কঠীয়া ৰোপণৰ বাবে প্ৰস্তুত হৈ যায়৷

দৰঙত যান্ত্ৰিক পদ্ধতিৰে ধান ৰোপণৰ প্ৰৰ্দশনীমূলক খেতি

ট্ৰেন্সপ্লেণ্টাৰ অৰ্থাৎ ৰোৱণীযন্ত্ৰৰ কঠীয়া থোৱা ট্ৰেখনত খাপ খোৱাকৈ এই কঠীয়া মেট বা দলিচাখনি ভাগ ভাগ কৰি কাটি লোৱা হয়৷ এনে দলিচাত কঠীয়াতলি তৈয়াৰ কৰিবৰ বাবে দুটা পদ্ধতি আছে৷ বোকা পদ্ধতিত মাটি আৰু পচন সাৰ মিহলি কৰি আৰু শুকান পদ্ধতিত পচন সাৰৰ দ্বাৰা সৰু সৰু ফুটা কৰি লোৱা পলিথিনত পাতলকৈ লেপ দি কঠীয়া পাৰা হয়৷ পলিথিনখনৰ কাৰণে কঠীয়াৰ শিপাবোৰে মাটি চুব নোৱাৰে৷ যাৰবাবে কঠীয়াবোৰৰ এখন ডাঠ মেট বা দলিচা প্ৰস্তুত হয়৷ উল্লেখ্য যে দৰং জিলাৰ প্ৰগতিশীল খেতিয়ক ক্ষীৰোদ শৰ্মাৰ উদ্যোগত প্ৰায় ১ হেক্টৰ মাটিত বৰোধানৰ বতৰত বিনা ধান-১১ জাতৰ খেতি যান্ত্ৰিক পদ্ধতিৰে কৃষি বিজ্ঞান কেন্দ্ৰ, দৰং আৰু আন্তৰ্জাতিক ধান গৱেষণা প্ৰতিষ্ঠান(IRRI) ৰ উদ্যোগত প্ৰদৰ্শনীমূলক খেতি কৰিব ।
 

Your Comments