এদিন এগৰাকী ভাৰতীয় বংশোদ্ভূত আমেৰিকাৰ ৰাষ্ট্ৰপতি !

w

মাৰ্কিন যুক্তৰাষ্ট্ৰত ভাৰতীয় বংশোদ্ভূত লোকসকল এতিয়া যথেষ্ট প্ৰভাৱশালী। বিজ্ঞানী, চিকিৎসক, অভিযন্তা পদত যথেষ্টসংখ্যক ভাৰতীয় মূলৰ লোক থকাটোৱে মাৰ্কিন সমাজত প্ৰবাসী ভাৰতীয়সকলৰ প্ৰতিপত্তি বৃদ্ধি কৰি আহিছে। আমেৰিকাত ব্যৱসায়-বাণিজ্যৰে ধনাঢ্য হৈও সমাজৰ গুৰুত্বপূৰ্ণ ব্যক্তি হৈ পৰিছে বহু ভাৰতীয়। ভাৰতীয় মূলৰ ব্যক্তিসকলৰ শ্ৰীবৃদ্ধি এনে পৰ্য্যায় পাইছেগৈ যে তেওঁলোকৰ একাংশই আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিজকে যোগ্য বিবেচনা কৰিবলৈ ধৰিছে।তেনে ভাৰতীয়সকলৰ বৌদ্ধিক, ৰাজনৈতিক দক্ষতা প্রত্যক্ষ কৰি বহু শ্বেতাঙ্গ অথবা কৃষ্ণাংগ আমেৰিকানেও ৰাষ্ট্ৰপতি আৰু অন্যান্য প্ৰধান পদৰ বাবে তেওঁলোকক সমৰ্থন আগবঢ়াইছে। 

কমলা হেৰিছ-বৰ্তমান এই ভাৰতীয় মূলৰ মহিলাগৰাকীৰ নাম আমেৰিকাৰ সচেতন মহলত চৰ্চালৈ আহিছে। কাৰণ আমেৰিকাত ভাৰতীয় মূলৰ প্ৰথম চিনেটৰ ৫৪ বছৰীয়া হেৰিছে ডেম'ক্ৰেটিক ২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ডেমক্ৰেটিক দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে। প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ সৈতে ৰাজনৈতিক দক্ষতাৰ সাদৃশ্য থকাৰ বাবে ডেম'ক্ৰেটিক দলত 'ফিমেল বাৰাক ওবামা' হিচাপে পৰিচিত কমলা হেৰিছৰ উক্ত পদক্ষেপে দেশখনৰ ভাৰতীয় মূলৰ গৰিষ্ঠসংখ্যকক উৎফুল্লিত কৰি তুলিছে।
 

বৰ্তমান হেৰিছ ডেম'ক্ৰেটিক দলৰ পৰা চতুৰ্থগৰাকী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ।যদিহে হেৰিছে দলটোৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰে, সেয়া হ'ব ভাৰতীয় মূলৰ লোকসকলৰ বাবে ঐতিহাসিক ঘটনা।যদিহে কমলা হেৰিছে ২০২০ত ডোনাল্ড ট্ৰাম্পক পৰাস্ত কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ'ব পাৰে, সেয়া ভাৰতীয় মূলৰ জনতাৰ বাবে অধিক ঐতিহাসিক ঘটনা।ইতিমধ্যে যোৱা সোমবাৰৰ মাৰ্কিন গান্ধী মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ জন্ম দিৱসৰ পৰা হেৰিছে প্ৰাৰ্থিত্ব লাভৰ বাবে দলৰ সমৰ্থকসকলৰ মাজত প্ৰচাৰ অভিযান আৰম্ভ কৰিছে।

মহাত্মা গান্ধীৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমেৰিকাত বৰ্ণ বৈষম্যবাদী আন্দোলন চলোৱা লুথাৰ কিঙৰ জন্মদিনৰ পৰা প্ৰচাৰ অভিযান আৰম্ভ কৰি তেওঁ সন্মানিত হোৱা বুলি উল্লেখ কৰিছে।এগৰাকী কৃষ্ণাংগ আমেৰিকান হিচাপে কিং জুনিয়ৰক হেৰিছে আদৰ্শ হিচাপে গ্ৰহণ কৰি আহিছে।

ট্ৰাম্পৰ কঠোৰ সমালোচক হিচাপে ইতিমধ্যে পৰিচিতি লাভ কৰা কমলা হেৰিছে যদি বৰ্তমানৰ ৰিপাব্লিকান ৰাষ্ট্ৰপতিজনক পৰাভূত কৰিব পাৰে, তেন্তে তেওঁ আমেৰিকাৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপেও ইতিহাস ৰচিব।আমেৰিকাত ভাৰতীয় লোকসকলৰ বৰ্ধিত ৰাজনৈতিক প্ৰভাৱৰ পৰিচয়স্বৰূপ হৈ পৰা হেৰিছে ইতিমধ্যে মাৰ্কিন সমাজৰ প্ৰতিটো বৰ্গৰে নাগৰিকৰ সমৰ্থন লাভ কৰিবলৈ আৰম্ভ কৰিছে।

Your Comments