আজি গুৱাহাটীৰ লতাশিল খেলপথাৰত 'খিলঞ্জীয়াৰ বজ্ৰনিনাদ'৷ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনতাই৷
কাৰ্যসূচীত উত্তৰ-পূব ছাত্ৰ সংগঠন, সদৌ অসম কৰ্মচাৰী পৰিষদেও যোগদান কৰিছে৷ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গেও কাৰ্যসূচীত অংশগ্ৰহণ কৰি জাতি ৰক্ষাৰ বাবে জনতাক আহ্বান জনাব৷ ইতিমধ্যে লতাশিল খেলপথাৰত সমবেত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিবাদী ছাত্ৰ-যুৱক, পুৰুষ-মহিলা তথা বিভিন্ন সংগঠনৰ সদস্যসকল৷
বহু লোক ধাবমান হৈছে লতাশিল খেলপথাৰলৈ৷ 'খিলঞ্জীয়াৰ বজ্ৰনিনাদ'ত প্ৰায় ১ লাখ লোকৰ উপস্থিতি আশা কৰা হৈছে৷ প্ৰতিবাদস্থলীত এজন ব্যক্তিয়ে আঙুলিৰ তেজেৰে বেনাৰ লিখি জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাটোৱে ৰাইজক জাতিপ্ৰেমেৰে উদ্বুদ্ধ কৰি তুলিছে৷
- Log in to post comments
- 15 views