বক্স অফিচত 'উৰি' ব্লকবাষ্টাৰ

w

বক্স অফিচত ব্যাপক সফলতা অৰ্জন কৰিছে বলিউডী ছবি 'উৰি-দ্য ছাৰ্জিকেল ষ্ট্ৰাইক'-এ।‌গণৰাজ্য দিৱসৰ পূৰ্বে দেশপ্ৰেমৰ বাৰ্তা থকা ছবিখনক দর্শকে আদৰি লৈছে।উৰিৰ সেনা শিবিৰত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে ১৮ জন  জোৱানক হত্যা কৰাৰ পিছত পাকিস্তানত ছাৰ্জিকেল ষ্ট্ৰাইক চলাই পোতক তোলাৰ ঘটনাৰ আধাৰত  ছবিখন নিৰ্মিত হৈছে।আদিত্য ধৰ পৰিচালিত, বিক্কী কৌশলে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনে মুক্তিৰ ১১ দিনলৈকে প্ৰায় ১০৭ কোটি টকা উপাৰ্জন কৰিছে।২৫ কোটি টকাৰ নিৰ্মাণ বাজেটৰ ছবিখনক বছৰটোৰ প্ৰথমখন ব্লকবাষ্টাৰ ছবি হিচাপে আখ্যা দিয়া হৈছে।

Your Comments