অসমৰ বাঁহ শিল্পক জীয়াই ৰখাৰ বাবে কামপুৰৰ এগৰাকী মহিলাৰ প্ৰচেষ্টা

a

নগাঁও জিলাৰ ইতিহাসে গৰকা কামপুৰৰ ধিং গাঁৱৰ এগৰাকী বিধৱা মহিলা। নাম ভোগেশ্বৰী বৰা। ষাঠিৰো ঊৰ্ধ্বৰ এইগৰাকী মহিলাই নিজৰ কৰ্মদক্ষতাৰে নিজৰ নাম জিলিকাবলৈ সক্ষম হৈছে। উল্লেখ্য যে বহু বছৰৰ আগতে নিজৰ স্বামীক হেৰুওৱা মহিলাগৰাকীয়ে জীয়াই থকাৰ পথত দিকবিদিক হেৰুৱাই পেলাইছিল।

ফলত জীৱিকাৰ পথ হিচাপে বাছি ল'লে বাঁহ শিল্প। নিজ হাতৰে তৈয়াৰ কৰা জাকৈ-খালৈ, পাচি-খৰাহী বেচি নিজৰ পৰিয়াালটোক পোহপাল দি আহিছে বিগত দহ বছৰৰো অধিক কাল। অকল নিজৰ পৰিয়ালটোক পোহপাল দিয়াই নহয়, অসমীয়াৰ ঐতিহ্য বাঁহ শিল্পক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ বাবে প্ৰচেষ্টাও হাতত লৈ আহিছে।ভোগেশ্বৰী বৰাই নিজ হাতৰে বাঁহৰ কাঠি-কামিৰে এযোৰ সাজ নিৰ্মাণ কৰিছে। যিযোৰ সাজ বিভিন্ন অনুষ্ঠানত প্ৰৰ্দশন কৰি ভোগেশ্বৰী বৰাই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Your Comments