নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গহপুৰ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ৷
সংবিধানবিৰোধী, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন অসমবাসীৰ ওপৰত জাপি নিদিবলৈ আৰু অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ঐতিহ্য তথা অস্তিত্ব ৰক্ষা কৰিবলৈ বিজেপি দলটিক সুমতি দিয়াৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়৷
আজি সন্ধিয়া গহপুৰ কংগ্ৰছে কনকলতা ভৱনত বন্তি প্ৰজ্বলন আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰে বিজেপি দলক এই ক্ষেত্ৰত সঠিক পথ দেখুৱাবলৈ ভগৱানক প্ৰাৰ্থনা জনায়।
কাৰ্যসূচীত গহপুৰ কংগ্ৰেছৰ সকলো ভগ্নী সংগঠনে সহযোগ কৰে।
- Log in to post comments
- 5 views