হাউলীত দুই ট্ৰাক চোৰাং গৰু জব্দ

হাউলীত দুই ট্ৰাক চোৰাং গৰু জব্দ

বৰপেটা জিলাৰ হাউলীৰ বি এইচ কলেজৰ সমীপৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা দুইমান বজাত বৰপেটা জিলা পৰিবহণ বিভাগৰ এটি দলে দুই ট্ৰাক চোৰাং গৰু জব্দ কৰে ৷ পশ্চিম বঙ্গৰপৰা গুৱাহাটীলৈ দহচকীয়া ট্ৰাক দুখনৰে ৬৭ টা গৰু কোনোধৰণৰ পৰিবহন অনুজ্ঞাপত্ৰ নোহোৱাকৈ নি থকা হৈছিল ৷ যাৰ মূল্য ২০ লাখ টকাৰো অধিক হ'ব ৷ পিছত গৰু কেইটা হাউলীৰ ৰেচম পামত ৰখাৰ ব্যৱস্থা কৰা হয়৷ ৷

NEWS

উল্লেখযোগ্য যে, দুয়োখন ট্ৰাকৰে পৰা চালকসহ আটাইকেইজনে অন্ধকাৰৰ সুযোগ লৈ পলায়ন কৰে । এই পৰ্যন্ত কোনো লোকক আটক কৰিব পৰা হোৱা নাই ৷

Your Comments