কর্মচাৰীৰ ছুটী ১৫ আগষ্ট পর্যন্ত নাকচ

সংক্ষিপ্ত খবৰ

ৰাজ্য চৰকাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূর্ণ খচৰা প্ৰকাশৰ পূর্বে যুদ্ধসদৃশ পৰিস্থিতিৰ দৰে সষ্টম হৈছে ৰাজ্য প্ৰশাসন। খচৰা প্ৰকাশৰ পাছত হ’ব পৰা সম্ভাব্য পৰিস্থিতি চম্ভালিবলৈ অসমত ইতিমধ্যে গিজগিজাই পৰিছে নিৰাপত্তা বাহিনীৰ কোম্পানীসমূহ। পূর্বতে থকা ৮৫টা কোম্পানীৰ উপৰি কেন্দ্রীয চৰকাৰে অতিৰিক্ত ২২০টা নিৰাপত্তা বাহিনীৰ কোম্পানী প্রেৰণ কৰিছে। ৰাজ্যত এন আৰ চিৰ সম্পূর্ণ খচৰা প্ৰকাশৰ পাছৰ পৰিস্থিতি চম্ভালিবলৈ আৰক্ষী, নিৰাপত্তা বাহিনীৰ বিষয়া, জোৱানকে নহয় সকলাে সেৱাৰ বিষয়াসকলকো সষ্টম কৰিছে ৰাজ্য চৰকাৰে। মুখ্য সচিব টি ৱাই দাসে এটা নিদের্শনাত ১৫ আগষ্ট পর্যন্ত কর্মৰ্চাৰীৰ ছুটী নাকচ কৰিছে। মুখ্য সচিবৰ নিদের্শনা অনুসৰি এন আৰ চিৰ খচৰা প্ৰকাশৰ দিনৰে পৰা অর্থাৎ ৩০ জুলাইৰ পৰা ১৫ আগষ্ট পর্যন্ত আই এ এছ, আই পি এছ, এ চি এছ, এ পি এছ, লেণ্ড ৰেকৰ্ড সেৱা, সকলাে পর্যায়ৰ আৰক্ষী, আৰক্ষী বিষয়া আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সকলাে কৰ্মচাৰী, আৰক্ষীৰ ছুটীসমূহ নাকচ কৰা হৈছে।

Your Comments