অসম চৰকাৰৰ এক অধিসূচনা অনুযায়ী মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত আইন-শৃংখলা বৰ্তাই ৰখা তথা অন্যান্য অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা হিচাপে বিশ্বনাথ জিলাৰ উপায়ুক্তই ভোটগ্ৰহণৰ দিনা আৰু তাৰ আগদিনা তথা ভোটগণনাৰ দিনটোক ড্ৰাই ডে' হিচাপে ঘোষণা কৰিছে।
সেই অনুসৰি অহা ২০, ২১ আৰু ২৮ জানুৱাৰীত গহপুৰ মহকুমাৰ অন্তৰ্গত চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত সকলোবোৰ দেশীয় আৰু বিদেশী সুৰাৰ বিপণী, বাৰ, ক্লাব, ব'ণ্ডেড ৱেৰহাউছ আদি বন্ধ থাকিব। এই সময়ছোৱাত সমগ্ৰ মহকুমাটোতে কোনো ব্যক্তিয়েই যিকোনো ধৰণৰ নিচাযুক্ত দ্ৰব্য বিক্ৰী কৰা, লগত ৰখা বা সেৱন কৰাটোক অপৰাধ হিচাপে গণ্য কৰা হ'ব।
এই নিষেধাজ্ঞা অমান্য কৰাসকলৰ বিৰুদ্ধে অসম আবকাৰী আইনৰ প্ৰযোজ্য ধাৰাসমূহৰ বিধি-ব্যৱস্থা অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মহকুমাটোত এক মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজজ্যোতি কলিতাই এইক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছে।
- Log in to post comments
- 8 views