হৰিশিঙা তেল ডিপু ডকাইতিৰ মাষ্টাৰ মাইণ্ড বসন্ত ৰাভা আৰক্ষীৰ জালত

local_news

ওদালগুৰি জিলাৰ হৰিশিঙাত যোৱা ২৪ জুলাই তাৰিখে ডকাইতিৰ ঘটনা সংঘটিত কৰা মাষ্টাৰ মাইণ্ড বসন্ত ৰাভাক ওদালগুৰি আৰক্ষীয়ে আজি গোপন

local

সূত্ৰৰ পম খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয়। জানিব পৰামতে যোৱা ২৪ জুলাই তাৰিখে হৰিশিঙাৰ পৰা ওদালগুৰিলৈ নগদ ৭.৭ লাখ টকা লৈ গৈ থকা অৱস্থাত তিনিজনীয়া এটি ডকাইতৰ দলে বাট আগচি ধৰি টকাখিনি লৈ উধাও হয়।উল্লেখ্য যে তেল ডিপুটোৰ কৰ্মচাৰী ৰঞ্জিত বাগ্লাৰীৰ সহযোগতে এই ডকাইতিৰ ঘটানাটো সংঘটিত হৈছিল।আজি ওদালগুৰি আৰক্ষীৰ এটা দলে অভিযান চলাই কলাইগাঁৱৰ শিলপোতাৰ পৰা বসন্ত ৰাভাক নগদ ২ লাখ ১৩ হাজাৰ টকাসহ গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ লোকে সাংবাদিকক জনোৱা অনুসৰি ডিপুটোৰ কৰ্মচাৰীসহ আন তিনিজন ডকাইত বৰ্তমানেও পলাতক অৱস্থাত আছে। ডকাইতৰ দলটোক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

Your Comments