মহিলা বিশ্ব কাপ হকী : আমেৰিকাৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচত ভাৰত

hocky

মহিলা বিশ্ব কাপ হকীত ভাৰতীয় দলৰ অভিযান অব্যাহত আছে । দেওবাৰে ভাৰতীয় দলটোৱে আমেৰিকাৰ বিৰুদ্ধে এখন গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ'ব । পুল বিৰ এই অন্তিমখন মেচত ভাৰতে অন্ততঃ ড্ৰ খেলিব‌ই লাগিব ।

তেতিয়াহে নক-আউট পৰ্যায়ত খেলাৰ আশা সজীৱ হৈ ৰ'ব ভাৰতৰ । দেওবাৰে নিশা ৯.৩০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া মেচখনৰ পোনপটীয়া সম্প্ৰচাৰ কৰিব ষ্টাৰ স্প'ৰ্টছে ।

ৰাণী ৰামপাল নেতৃত্বাধীন ভাৰতীয় মহিলা হকী দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে ড্ৰৰে বিশ্ব কাপত অভিযান আৰম্ভ কৰিছিল । সম্প্ৰতি ইংলেণ্ড বিশ্বৰ ২ নং স্থানত আছে । কিন্তু দ্বিতীয়খন মেচত ভাৰত আয়াৰলেণ্ডৰ হাতত ০-১ ব্যৱধানত পৰাস্ত হয় ।

Your Comments