মিত্ৰতা ছেদ কৰি পোন প্ৰথমবাৰৰ বাবে গৃহ সমষ্টিত প্ৰাক্তন মন্ত্ৰী কেশৱ মহন্ত।পাঁচ দিন পূৰ্বে বিজেপিৰ সৈতে প্ৰায় আঢ়ৈ বছৰীয়া মিত্ৰতা ছেদ কৰি আজি অসম গণ পৰিষদৰ নেতা কেশৱ মহন্ত, অতুল বৰা, ৰেণুপমা ৰাজখোৱা আৰু ফণীভূষণ চৌধুৰী কলিয়াবৰত উপস্থিত হোৱাৰ লগে লগে বিপুল আদৰণি জনায় কলিয়াবৰবাসী ৰাইজে।
কলিয়াবৰ তিনিআলিৰ পৰা কুঁৱৰীটোলস্থিত অগপ কাৰ্যালয়লৈকে প্ৰায় তিনি কিঃমিঃ পথ খোজকাঢ়ি আহি কুঁৱৰীটোল মুক্তি যুঁজাৰু ভৱনত অনুষ্ঠিত কৰা সম্বৰ্ধনা সভাত উপস্থিত হৈয়ে তিনিওগৰাকী নেতাই ছহিদ বেদীত ছহিদসকলক স্মৰণ কৰে।
সভাত তিনিওজন নেতাক বিভিন্ন দল, সংগঠন, প্ৰতিষ্ঠানৰ লগতে ব্যক্তিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে। ইফালে অগপৰ সভাপতি অতুল বৰাই নাগৰিকত্ব সংশোধনী বিধেয়কখন যদি গৃহীত কৰা হয় অসম চুক্তিক অৱমাননা কৰা হ'ব অৰু ই এক অসমৰ জনসাধাৰণৰ বাবে হঠকাৰী সিদ্ধান্ত বুলি অবিহিত কৰে।
লগতে বিধেয়কখন গৃহীত হ'লে এন আৰ চিখন বাঞ্চাল হৈ পৰিব আৰু কোটি কোটি টকা অথলে যাব বুলি সভাপতিগৰাকীয়ে কয়। অনাগত দিনত অসমৰ জনসাধাৰণৰ লগত ঐক্যবদ্ধ হৈ বিধেয়কখনৰ বিৰুদ্ধে মাত মাতি আহিব আৰু কোনো কাৰণত মিত্ৰতা কৰাৰ প্ৰশ্ন নাহে বুলি সভাপতিগৰাকীয়ে সাংবাদিকক কয়।
ইফালে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই অনাগত দিনত বিধেয়কখনৰ বিৰুদ্ধে অসমৰ ৰাইজ, দল-সংগঠনক লৈ বিৰোধিতা কৰি যাম বুলি মন্তব্য কৰে।
কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ
- Log in to post comments
- 103 views