ৰঙিয়া গ্ৰাম স্বৰাজ পৰিষদত যুৱ শিবিৰ

ৰঙিয়া গ্ৰাম স্বৰাজ পৰিষদত যুৱ শিবিৰ

ৰঙিয়াৰ গ্ৰাম স্বৰাজ পৰিষদৰ উদ্যোগত গান্ধী জয়ন্তীৰ ডেৰশ বছৰ পূৰ্তি অনুষ্ঠান উদযাপনৰ পূৰ্বে যুৱক-যুৱতী সকলক গান্ধী দৰ্শণৰ জ্ঞান প্ৰদানৰ বাবে আজি এক যুব  শিবিৰৰ আয়োজন কৰে।


গ্ৰামস্বৰাজ ভৱনৰ সভাকক্ষত অনন্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাখন উদ্ধোধন কৰে ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বীৰেন্দ্ৰ নাথ বৰদলৈয়ে।উদ্ধোধক বৰদলৈয়ে নিজৰ বক্তব্যত মহাত্মা গান্ধীৰ জীৱন দৰ্শনৰ ওপৰত এক নাতিদীর্ঘ ভাষণ  আগবঢ়ায়।

ৰঙিয়া গ্ৰাম স্বৰাজ পৰিষদত যুৱ শিবিৰ

অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিৰ্বাচনী বিষয়া ৰিপুঞ্জয় নাথে  কয় যে মহামানৱ মহাত্মা গান্ধী ভাৰতৰ স্বাধীনতা আন্দোলনৰ কেৱল প্ৰধান গুৰি ধৰোঁতাই নাছিল তেওঁ সেই সময়ৰ সমগ্ৰ ভাৰতীয় জাতি সত্তাৰে  এজন মুখ্য পথ প্ৰদৰ্শক নেতা আছিল।অহিংস নীতিৰে পৰিচালিত  মহাত্মা গান্ধীৰ নেতৃত্বতেই ভাৰতে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়।

গান্ধীজীয়ে সকলো ক্ষেত্ৰতে সত্য আৰু অহিংসাৰ ওপৰত গুৰুত্ব দিছিল আৰু আনকো তেনে কৰিবলৈ উদগণি দিছিল বুলি উল্লেখ কৰি নিৰ্বাচনী বিষয়া গৰাকীয়ে সকলোকে গান্ধীজীৰ আৰ্দশৰে অনুপ্ৰাণিত হোৱাৰ বাবে আহ্বান জনায়।

ৰঙিয়া গ্ৰাম স্বৰাজ পৰিষদত যুৱ শিবিৰ

সভাখনত মুক্তি যোদ্ধা কৃষ্ণ লহকৰ,খাদী আৰু গ্ৰামোন্নয়ন সংঘৰ সভাপতি উমেশ মেধী, গ্ৰাম স্বৰাজ পৰিষাদৰ সচিব নিৰঞ্জন কলিতা,প্ৰাক্তন অধ্যাপক পবিন কলিতা,সমাজকৰ্মী উমেশ কলিতাসহ বিশিষ্ঠ ব্যক্তি সকল উপস্থিত থাকে।

Your Comments