নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মাজুলীত কবিতাৰে প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে মাজুলীত কবিতাৰে প্ৰতিবাদ

মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ আধাৰত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক,২০১৬ৰ বিৰোধিতাৰে আজি মাজুলীৰ ফুলনিৰ ৰাজপথত কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে সাহিত্যকৰ্মীসকলে| দিনৰ ১১ বজাত মাজুলীৰ কুৰিগৰাকী কবি তথা স্থানীয় লোকৰ উপস্থিতিত প্ৰতিবাদী কবিতা পাঠ কৰা হয়।

বিভিন্নজনে এই জাতিধ্বংসী বিধেয়কখনক প্ৰত্যাখান-প্ৰত্যাহাৰ সন্দৰ্ভত আলোচনা-বক্তব্য আগবঢ়ায়| মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক জয়ন্ত হাজৰিকাই কবিতা পাঠৰ আগতে এটি মনোজ্ঞ আলোচনা আগবঢ়াই কয় যে অসমৰ বৃহত্তৰ স্বাৰ্থত সদৌ অসম কবি সন্মিলনে ৰাজপথত কবিতাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে| অসমৰ সৰ্বত্ৰে সকলোৱে মিলি জাতীয় সংকটৰ সময়ত একত্ৰিত হোৱা উচিত। যাতে কোনে ৰাজনৈতিক অভিসন্ধিৰে নিজৰ অভিপ্ৰায় সিদ্ধি কৰিব নোৱাৰে৷

দেশখনৰ এনে দুৰ্যোগৰ বেলা ৰাজ্যৰ কবি সমাজ শোকত ম্ৰিয়মাণ হৈ পৰিছ। ফুলনি শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী, সদস্যা মৰমী খনিকৰ মেধিয়ে কবিতা পাঠ কৰাৰ লগতে এই জাতিদ্ৰোহী বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ সকলোকে আহ্বান জনায়| এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ফুলনি শাখা লেখিকা সমাৰোহ সমিতিৰ পত্ৰিকা সম্পাদিকা কৃষ্ণা মেধীয়ে প্ৰতিবাদী কবিতা পাঠ কৰাৰ লগতে জাতিধ্বংসী বিধেয়কখনৰ বাবে ৰাজ্যখনৰ যুযুধান পৰিবেশ সৃষ্টি কৰিবৰ হোৱাত উদ্বেগ প্ৰকাশ কৰে৷

ৰাজ্য চৰকাৰখনক শীঘ্ৰে ৰাইজক আস্বস্ত কৰিব পৰাকৈ নিজৰ স্থিতি প্ৰকাশৰ বাবেও আহ্বান জনায়| অনুষ্ঠানত ফুলনি অঞ্চলৰ সৰবৰহী মহিলা বেউলি শইকীয়া, মাজুলী জিলা প্ৰাক্তন সৈনিক সন্থাৰ কৰ্মকতা তথা মাজুলীৰ বিশিষ্ট নাগৰিক থানেশ্বৰ সেনাপতি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজুলী জিলাৰ জ্যেষ্ঠ সেৱিকা লাহৰি মেধি আৰু বহুসংখ্যক স্থানীয় লোক উপস্থিত আছিল|

Your Comments