তামুলপুৰত কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ পথ অৱৰোধ

তামুলপুৰত কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ পথ অৱৰোধ

কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি তামুলপুৰ জিলা সমিতি, তামুলপুৰ আঞ্চলিক আৰু কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই এক ঘণ্টীয়া ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। তামুলপুৰৰ ঘগ্ৰাচকত ৰূপায়ণ কৰা এই পথ অৱৰোধ কাৰ্যসূচীত তামুলপুৰ জিলা সমিতিৰ সভাপতি বিশ্বজিৎ ডেকা, নৱনিৰ্বাচিত সভাপতি কানুৰাম কলিতা, কাৰ্যকাৰী সভাপতি বিপুল লহকৰ, সাধাৰণ সম্পাদক লৱধৰ কলিতা, আঞ্চলিক সমিতিৰ সভাপতি নৃপেন বৰা, সধাৰণ সম্পাদক ভূপেন্দ্ৰ কলিতা,

তামুলপুৰত কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ পথ অৱৰোধ

সদৌ অসম কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ উপ-সভাপতি সমৰজ্যোতি কলিতা, সাধাৰণ সম্পাদক ভাস্কৰ কলিতা, বাক্সা জিলা কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ সভাপতি প্ৰাণজিত কলিতা, সাধাৰণ সম্পাদক ৰত্নেশ্বৰ কলিতা আদিকে ধৰি কেইবা শতাধিক পুৰুষ-মহিলা উপস্থিত থাকে। অংশগ্ৰহণকাৰীসকলে অসম চৰকাৰ গ'-বেক, আমাৰ দাবী ন্যায্য দাবী, আমাক এছ টি লাগিবই, ন' এছ টি ন' ৰেষ্ট, আমাক প্ৰাগজোতিষপুৰ লাগিবই, বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে

তামুলপুৰত কলিতা জনগোষ্ঠী ছাত্র সন্থাৰ পথ অৱৰোধ

 কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে কলিতা জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, কলিতাসকলৰ বাবে এখন সুকীয়া উন্নয়ন পৰিষদ গঠন কৰা, বিটিএডিৰ লগতে অসমৰ প্ৰত্যেকখন স্বায়ত্তশাসিত পৰিষদত ভূমি অধিকাৰ সুনিশ্চিত কৰা আৰু মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত কলিতা জনগোষ্ঠীৰ ইতিহাস অন্তৰ্ভুক্ত কৰাৰ দাবীত তামুলপুৰ মকুমাধিপতিৰ জৰিয়তে  অসমৰ মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। ইফালে পথ অৱৰোধ কাৰ্যসূচীৰ সময়ত ৰাষ্ট্ৰীয় পথছোৱাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়।

Your Comments