কলাইগাঁও মডেল হাস্পতাল মুকলিৰ তৎপৰতা

কলাইগাঁও মডেল হাস্পতাল মুকলিৰ তৎপৰতা

নিউজ এএছএনৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতে শুকুৰবাৰে কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়োৱে কলাইগাঁও মডেল হাস্পতাল পৰিদৰ্শন কৰে। দুগৰাকীকৈ জ‍্যেষ্ঠ চিকিৎসক ক্ৰমে ডা: চন্দ্ৰ প্ৰসাদ পায়েং আৰু ডা: নৰেন কুমাৰ বৰুৱাক লগত লৈ কৰা পৰিদৰ্শনৰ অন্তত বিধায়কগৰাকীয়ে শীঘ্ৰে চিকিৎসালয়খন মুকলি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

উল্লেখ্য যে আজিৰ পৰা কিছুদিন আগতে নিউজ এএছএনত সবিস্তাৰে কলাইগাঁও মডেল হাস্পতালখন নিৰ্মাণৰ চাৰে তিনি বছৰ উকলি যোৱাৰ পিচতো  মুকলি নোহোৱাত স্থানীয় ৰাইজ তথা দল-সংগঠনৰ প্ৰতিক্ৰিয়াৰ বাতৰি প্ৰকাশ পাইছিল। প্ৰণিধানযোগ্য যে যোৱা ২০১৪ চনৰ  নৱেম্বৰ মাহত তদানীন্তন অগপৰ বিধায়ক মুকুন্দৰাম চৌধুৰী আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে মডেল হাস্পতালখনৰ আধাৰশিলা স্থাপন কৰিছিল।

Your Comments