ভোগালীক আদৰিবলৈ সাজু জিজ্ঞাসা জাতীয় বিদ্যালয় 

w

অসমীয়াৰ পদূলিমুখত ভোগৰ ভোগজৰা লৈ আকৌ আহিল বাপতি সাহোন ভোগালী বিহু ৷ শস্য চপোৱাৰ পিছত উদং হৈ পৰা কৃষক ৰাইজৰ আশা-ভৰষাৰ থলী পথাৰসমূহত ভেলাঘৰ বনোৱাৰ অঘোষিত প্ৰতিযোগিতা চলি থকাৰ সময়তে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ চৰাইদলনিস্থিত জ্ঞিজাসা জাতীয় বিদ্যালয়ে বিগত বৰ্ষৰ দৰে এইবাৰো ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে ৷

আধুনিকতাৰ ধাম-খুমীয়াত পৰি ভোগালী বিহুৰ কেতবোৰ ঐতিহ্য-পৰম্পৰাত ঘূণে ধৰাত সেই পৰম্পৰা সংস্কৃতি ছাত্র-ছাত্রীসকলৰ মাজত জীয়াই ৰাখিবৰ বাবে দিনজোৰা কাৰ্যসূচীৰে ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে ৷

পুৱাৰে পৰা পৰ্যায়ক্ৰমে ছাত্র-ছাত্রীসকলৰ মাজত চিত্ৰাংকন, চকীখেল, কুইজ, পিঠা বনোৱা, নৃত্য-গীত আদি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ তাৰ বিদ্যালয় কৰ্তৃপক্ষই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে বুলি বিদ্যালয় পৰিচালনা সমিতিয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে৷ 
 

Your Comments