বৰপেটা ৰাইনো ক্লাবলৈ আৰ্থিক অনুদান

বৰপেটা ৰাইনো ক্লাবলৈ আৰ্থিক অনুদান

বৰপেটা লোকসভাৰ সাংসদ চিৰাজউদ্দিন আজমলৰ উপস্থিতিত বৰপেটাৰ আগশাৰীৰ 'ক্লাব ৰাইনো'ত এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাত সাংসদগৰাকীয়ে সমষ্টিৰ কাম-কাজৰ পৰ্যালোচনা কৰে। ক্লাবৰ সভাপতি, সম্পাদক সমন্বিতে সমূহ সদস্যই অংশগ্ৰহণ কৰা উক্ত সভাতেই সাংসদগৰাকীয়ে ক্লাবৰ তৃতীয় মহলাৰ ফাউণ্ডেচনৰ বাবে সাংসদ পুঁজিৰ পৰা ৫,৪০,০০০ (পাঁচ লাখ চল্লিশ হাজাৰ) টকা অনুদান আগবঢ়ায়। লগতে তেওঁ সমষ্টিত কৰা বিভিন্ন কামৰ খটিয়ান আৰু পৰ্যালোচনাৰ বাবে ক্লাবৰ সদস্যসকলক হোজাইলৈ আমন্ত্ৰণ জনায় ।

বৰপেটা ৰাইনো ক্লাবলৈ আৰ্থিক অনুদান

Your Comments