জাতিধ্বংসী বিধেয়কখন অৱশেষত আজি দিনৰ ২.১০ বজাত লোকসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে উত্থাপন কৰে৷ বাংলাদেশ, আফগানিস্তানত ধৰ্মীয় উৎপীড়নৰ বলি হোৱা অ-মুছলিম ছয়টা সংখ্যালঘু ধৰ্মীয় লোকক ভাৰতত নাগৰিকত্ব দিয়াৰ যুক্তি প্ৰদৰ্শন কৰে গৃহমন্ত্ৰীগৰাকীয়ে৷ নাগৰিকত্ব সংশোধনী বিধেয়কখন কেৱল অসমৰ বাবে নহয়, সমগ্ৰ দেশৰ বাবে বুলি কয় গৃহমন্ত্ৰীগৰাকীয়ে৷
দেশৰ পশ্চিম দিশৰ পৰা গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু দিল্লীতো এই অনুপ্ৰৱেশৰ সমস্যাৰ কথা উল্লেখ কৰে৷ গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ সীমান্ত কেৱল অসম সীমান্ত নহয়, দেশৰ সীমান্ত বুলি কয়৷ গৃহমন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ পক্ষত সদনত উত্থাপন কৰাৰ লগতে অসম চুক্তি ৰূপায়ণ কৰা, ৬নং দফা কাৰ্যকৰী কৰা, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা সম্পৰ্কত বক্তব্য ৰাখে৷
গৃহমন্ত্ৰীগৰাকীয়ে বিধায়কখন উত্থাপন কৰাৰ সময়ত বিধেয়কৰ বিৰুদ্ধে সমদনত তীব্ৰ প্ৰতিবাদৰ লগতে শ্লোগান দিয়া পৰিলক্ষিত হয়৷ ইতিমধ্যে কংগ্ৰেছৰ নেতা মল্লিকাঅৰ্জুন খাৰ্গে, তৃণমূলৰ নেতা স্বগত ৰয়ে বিধেয়কৰ প্ৰতিবাদ জনাই বক্তব্য আগবঢ়ায়৷ পিছত কংগ্ৰেছ আৰু তৃণমূলে বিধেয়কখনৰ প্ৰতিবাদত সদন ত্যাগ কৰে৷ বাতৰি লিখা পৰলৈকে সমদনত বিতৰ্ক চলি আছে৷
- Log in to post comments
- 62 views