বৰপেটাৰোড ৰে'ল ষ্টেচনত বিলাতী সুৰা জব্দ

বৰপেটাৰোড ৰে'ল ষ্টেচনত বিলাতী সুৰা জব্দ

বৰপেটাৰোড ৰে'ল সুৰক্ষা বাহিনীয়ে ৰে'লৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা আজি জব্দ কৰে। বৰপেটাৰোড ৰে'ল সুৰক্ষা বাহিনীৰ পৰিদৰ্শক ৰণজিৎ বসুমতাৰীয়ে জনোৱা মতে আজি দিনৰ ১০মান বজাত নামনিমুৱা ত্ৰিবানন্দম এক্সপ্ৰেছত তালাচী চলাওঁতে এটি বেগৰ পৰা ৬০ বটল সুৰা জব্দ কৰে ৷

অৱশ্যে সুৰাখিনিৰ গৰাকী নোলোৱাত  কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল৷ আজিৰ এই তালাচী কাৰ্য সম্পাদন কৰিছিল এ এছ আই সুভাষ ডেকা, কনিষ্টবল ৰণজিৎ ৰাজবংশী আৰু পিংকু বৰ্মনে ৷ পিছত সুৰাখিনি আবকাৰী বিভাগক চমজাই দিয়ে। 

Your Comments