নগাঁৱৰ কামপুৰৰ বিষ্ণুপুৰী থান পথৰ দুৰৱস্থাঃ ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ

 ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ

নগাওঁ জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাৱৈমাৰী গাঁৱৰ ঐতিহাসিক বিষ্ণুপুৰী থানলৈ যোৱা পথছোৱাৰ কদৰ্যময় ৰূপটোৱে জ্বলা-কলা খুৱাইছে থানখনলৈ অহা ভক্তপ্ৰাণ ৰাইজৰ লগতে স্থানীয় গাঁওবাসীক । উল্লেখ্য যে বহু ইতিহাস সম্বলিত বিষ্ণুপুৰী থানখন উন্নয়নৰ বাবে কাম হাতত লৈছে যদিও  থানখনৰ লগত সংযোগ থকা প্ৰায় ৩০০ মিটাৰ পথ নিৰ্মাণৰ বাবে অাজিকোপতি চৰকাৰীভাৱে কোনো ব্যৱস্থা হাতত লোৱা দেখা পোৱা নগ'ল।

এইক্ষেত্ৰত ৰহা সমষ্টিৰ বৰ্তমানৰ বিধায়ক ডিম্বেশ্বৰ দাসক স্থানীয় ৰাইজে  বহুবাৰ অাবেদন-নিবেদন কৰিছে যদিও কোনো সুফল নাপালে ৰাইজে । অানফালে স্থানীয় গাৰুখুন্দা পঞ্চায়ত অাৰু কঠীয়াতলী উন্নয়ন খণ্ডয়ো পথটো নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা নল'লে, যাৰ বাবে থানখনলৈ অহা ভক্তপ্ৰাণ  ৰাইজৰ লগতে স্থানীয় লোক অাৰু ছাত্ৰ-ছাত্ৰীসকলে পথটোৰ বোকাৰ মাজেৰে যাতায়াক কৰিবলগা হৈছে । যাৰ কাৰণে ক্ষোভিত ৰাইজে পথৰ উপৰতে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয়। 

Your Comments