ৰাজ্যৰ বাহিৰে-ভিতৰে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তীব্ৰ প্ৰতিবাদ

ৰাজ্যৰ বাহিৰে-ভিতৰে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ তীব্ৰ প্ৰতিবাদ

মহানগৰীৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী ক্লাবতো বিধেয়ক বাতিলৰ দাবীত ক'লা পতাকা উৰুৱাই আয়োজন কৰিলে "ধিক্কাৰ দিৱস"। উক্ত প্ৰতিবাদী সভাত উপস্থিত থাকে ৰাজ্যৰ বুদ্ধিজীৱী, শিল্পী, সাহিত্যক, ৰাজনীতিবিদ, আলোচনাপন্থী আলফা নেতা, লেখক-সাংবাদিক, ছাত্ৰ-ছাত্ৰী প্ৰমুখ্যে ভালেসংখ্যক  ব্যক্তি। অনুষ্ঠানত অংশগ্ৰহণ কৰি সকলোৰে দাবী- অসমবাসীৰ বাবে আজিৰ দিনটো চৰম প্ৰতাৰণাৰ দিন।

কাৰণ ২০১৪ চনত যিজন প্ৰধান মন্ত্ৰীয়ে অসমীয়া ৰাইজৰ ভোটৰ আশাত বাংলাদেশীয়ে তালি-টোপোলা বান্ধিব লাগিব বুলি কৈছিল, সেই একেজন প্ৰধান মন্ত্ৰীয়ে আজি ৪ বছৰৰ পাছত বাংলাদেশীক অসমলৈ ৰঙা দলিছা পাৰি মাটি আনিব বিচাৰিছে। তাৰবাবে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ আজি সংসদত উত্থাপন কৰিছে। ইফালে আকৌ যিজন সৰ্বানন্দ সোণোৱালে আঢ়ৈ বছৰ পূৰ্বে ক্ষমতা পোৱাৰ লালসাত বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ মাজত সমন্বয় ৰাখি ৰাজ্য শাসনৰ কথা কৈছিল আৰু বিদেশিক খেদি পঠোৱাৰ বাবে শৰাইঘাটৰ শেষ ৰণৰ কথা কৈছিল। সেইজন সৰ্বানন্দ সোণোৱালে এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচাৰিছে।

তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে। এই গুৰুত্বপূৰ্ণ মন্তব্য কৃষক নেতা অখিল গগৈ, ডঃ হীৰেন গোহাঁই, পলাশ চাংমাই, হৰেকৃষ্ণ ডেকা, হাইদৰ হুছেইন, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ। ইফালে এই ধিক্কাৰ দিৱসত অংশগ্ৰহণ কৰি সংসদ ভৱনৰ সন্মুখত ১৩জনকৈ অসমীয়াই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বিৰোধিতা কৰি নগ্ন হৈ প্ৰতিবাদ কৰিবলগা সম্পৰ্কত কয় যে কেন্দ্ৰৰ মোডী চৰকাৰ আৰু সৰ্বানন্দ সোণোৱালৰ বাবে আজি অসমীয়াই উলংগ হৈ দিল্লীৰ ৰাজপথত প্ৰতিবাদ কৰিবলগা হৈছে। আনহে নালাগে বিজেপি-আৰ এছ এছৰ বাবেই আজি অসমৰ এই আন্দোলন আন্তঃৰাষ্টীয় প্ৰেক্ষাপটত প্ৰচাৰ হ'বলগা হৈছে। লগতে কৃষক নেতাগৰাকীয়ে কয় যে যদি চৰকাৰে এই বিধেয়ক বাতিল কৰাৰ বাবে ব্যৱস্থা নলয় তেন্তে অনাগত দিনত অসমীয়াই স্বাধীন অসম বিচাৰিবলৈও বাধ্য হ'ব।

লগতে পুনৰ এই মঞ্চৰ পৰাই কৃষক নেতাগৰাকীয়ে সদৌ অসম ছাত্ৰ সন্থাক আহ্বান জনাই কয় যে জাতিৰ স্বাৰ্থত সকলোৱে একেখন মঞ্চত থিয় হৈ বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰিব লাগে। ইয়াৰ সমান্তৰালকৈ মঞ্চত থিয় হৈ তেওঁ অসমৰ সমূহ বৈদ্যুতনিক মাধ্যমক আহ্বান জনাই কয় যে জাতিৰ স্বাৰ্থত বৈদ্যুতিন মাধ্যমসমূহে ভোগালী বিহুৰ প্ৰস্তুতি আৰু তেনে অনুষ্ঠানসমূহ পৰিবেশন কৰাৰ পৰা বিৰত থাকক। যিহেতু অসমীয়াৰ বাবে এতিয়া ভোগালী নহয়, অসমীয়াই এতিয়া নিজক বচোৱা সময়। ইফালে এই মঞ্চৰ পৰাই হীৰেণ গোহাঁই প্ৰমুখ্যে উপস্থিত জনতাই সৰ্বানন্দ সোণোৱাল গ'-বেক, বিজেপি নিপাত যাওক, নৰেন্দ্ৰ মোডী হুঁচিয়াৰ ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

আনহাতে, প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয় যে আঢ়ৈ বছৰ পূৰ্বে আমি নিজেই খাল খান্দি ঘৰিয়াল চপাই লৈছিলোঁ। বে-আইনী বিধেয়ক গৃহীত কৰিবললৈ বিজেপি আৰু আৰ এছ এছে ভাৰতীয় সংবিধানক অপমান কৰিছে। কেৱল অসমৰ বাবেই যে আইনখন ভয়ংকৰ তেনে নহয়, সমগ্ৰ ভাৰতবর্ষৰ বাবে আইনখনে ভাবুকি আনিছে। ৰাইজৰ অভিযোগ লোৱাৰ বাবে গঠন কৰি দিয়া সংসদৰ যুটীয়া কমিটীয়েই ৰাইজৰ কথাত গুৰুত্ব নিদিয়ে। আনকি আজি সংসদত দাখিল কৰা আংশিক প্ৰতিবেদনখনত জেপিচিয়ে উল্লেখ কৰিছে যে বিধেয়কখনক লৈ কাৰো আপত্তি নাই।

লগতে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে বৰাকৰ কেৱল দুখন লোকসভা আসন জিকাৰ বাবেই বিজেপি চৰকাৰে ইমান নিকৃষ্ট ৰাজনীতি কৰিছে। আনহাতে, গুৰুত্বপূৰ্ণ কথা এই যে এই অনুষ্ঠানতেই অসম বচাওৰ উদ্যোক্তাসকলে জানিবলৈ দিয়ে যে মঙলবাৰৰ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টাকৈ জাতীয় সংগঠনৰ অসম বন্ধ আৰু নেছ'ৰ উত্তৰ-পূৰ্বাঞ্চল বন্ধ কাৰ্যসূচীৰ প্ৰতি তেওঁলোকে পূৰ্ণ সমৰ্থন জনাব।

লগতে দেওবাৰে কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰাৰ বাবে যি কমিটী গঠন কৰি দিছে, সেই কমিটিত থকা সদস্যসকলক জাতিৰ স্বাৰ্থত সেই পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান জনায়। আনহাতে, অসম বচাওৰ উদ্যোগত আয়োজিত ধিক্কাৰ দিৱসত উত্তোলন কৰাৰ ক'লা পতাকাখন অনুষ্ঠান চলি থকাৰ সময়তে প্ৰশাসনে আহি খুলি লৈ যোৱাক লৈ উপস্থিত জনতা আৰু প্ৰশাসনৰ মাজত যুদ্ধ সদৃশ পৰিবেশৰ সূচনা হৈছিল। এফালে এই অনুষ্ঠানৰ পৰা সদৌ অসম ছাত্ৰ সন্থাক সকলোৱে জাতিৰ স্বাৰ্থত একেলগ হৈ আন্দোলন কৰাৰ বাবেও আহ্বান জনায়। ধিক্কাৰ দিৱসৰ অনুষ্ঠানত উপস্থিত আছিল মাইনী মহন্ত, দুৰ্গাদাস বড়ো, অৰুপ বৰুৱা, অৰুপ বৰবৰা, মঞ্জিৎ মহন্ত প্ৰমুখ্যে বহুসংখ্যক ব্যক্তি।

Your Comments