ৰাজকমল চাংকাকতি
তেওঁৰ বয়স মাত্ৰ ২১ বছৰ৷ এতিয়ালৈকে তেওঁ ভাৰতৰ হৈ মাত্ৰ ৯খন টেষ্ট আৰু তিনিখন এদিনীয়া খেলিছে৷ কিন্তু এই কম বয়সতে আৰু ইমান কমসংখ্যক টেষ্ট আৰু এদিনীয়া খেলিয়েই ঋষভ পণ্ট নামৰ উইকেটকীপাৰ বেট্ছমেনজন এতিয়া ভাৰতীয় ক্ৰিকেট দলৰ এজন তাৰকা খেলুৱৈ৷ তাতোকৈ গুৰুত্বপূৰ্ণভাৱে পণ্ট এতিয়া মহেন্দ্ৰ সিং ধোনীৰ যোগ্য উত্তৰসূৰী৷ ধোনীৰ ‘লিগেচী’ ভৱিষ্যতে সুন্দৰভাৱে পণ্টে আগুৱাই নিব বুলি এতিয়াই দৃঢ় বিশ্বাস স্থাপন হৈছে৷
ঋষভ ৰাজেন্দ্ৰ পণ্টৰ জন্ম হৈছিল ১৯৯৭ চনৰ ৪ অক্টোবৰত৷ জন্মস্থান উত্তৰাখণ্ডৰ ৰুঢ়কী৷ ২০১৫ বৰ্ষৰ ২২ অক্টোবৰত ৰঞ্জী ট্ৰফীত প্ৰথম শ্ৰেণীৰ ক্ৰিকেট অভিষেক ঘটাইছিল পণ্টে৷ ৰঞ্জী ট্ৰফীৰ খেলতে প্ৰথমতে তেওঁৰ প্ৰতিভাৰ উল্লেখনীয় পৰিচয় পোৱা গৈছিল৷ দিল্লীৰ হৈ ৰঞ্জী খেলা পণ্টে ২০১৬ চনৰ ৮ নৱেম্বৰত ঝাৰখণ্ডৰ বিৰুদ্ধে ৰঞ্জী টেষ্টত ৪৮টা বলত চেন্সুৰী কৰে৷ পৰিগণিত হয় ৰঞ্জীৰ দ্ৰুততম চেন্সুৰী অৰ্জন কৰোঁতা হিচাপে৷
২০১৬-১৭ ছিজনত মহাৰাষ্ট্ৰৰ বিৰুদ্ধে এটা ইনিংছত ৩০৮ ৰাণ কৰি প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ত্ৰিশতক অৰ্জন কৰা তৃতীয় ভাৰতীয় সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছিল৷ ২০১৭-১৮ জ’নেল টি-২০ লীগত ঋষভ পণ্টে হিমাচল প্ৰদেশৰ বিৰুদ্ধে ৩২টা বলত চেন্সুৰী কৰি টি-২০ মেচৰ দ্বিতীয় দ্ৰুততম চেন্সুৰীৰ অভিলেখ গঢ়ে৷ ৰঞ্জী ট্ৰফীত বা প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত বেটিং বিক্ৰম প্ৰদৰ্শন কৰাৰ লগতে মানসম্পন্ন উইকেটকিপিং কৰিও পণ্টে দেশৰ ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰে৷
ৰঞ্জীৰ সমান্তৰালভাৱে পণ্ট ইণ্ডিয়ান প্ৰিমিয়াৰ লীগতো দিল্লী ডেয়াৰডেভিলছৰ হৈ বেটিঙত উজলি উঠিছিল৷ ২০১৬ বৰ্ষৰ আই পি এলত পণ্টে গুজৰাট লায়নছৰ বিৰুদ্ধে ৪০টা বলত ৬৯ ৰাণৰ ইনিংছ খেলি দিল্লী ডেয়াৰডেভিলছক জয়যুক্ত কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল৷ বিগত বৰ্ষত মে’ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৬৩টা বলত ১২৮ ৰাণেৰে টি-২০ মেচৰ দ্বিতীয় ভাৰতীয় সৰ্বাধিক ৰাণ কৰোঁতা হৈছিল পণ্ট৷
দেশীয় ক্ৰিকেটত বেটিং আৰু উইকেটকিপিঙত আকৰ্ষণীয় সফলতা অৰ্জন কৰা হেতু ঋষভ পণ্টৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ আমন্ত্ৰণ অহাতো এক প্ৰকাৰ নিশ্চিত আছিল৷ ২০১৭ বৰ্ষৰ জানুৱাৰীত ঋষভে ইংলেণ্ডৰ বিৰুদ্ধে বাংগালুৰুত টি-২০ মেচ খেলি আন্তঃৰাষ্ট্ৰীয় অভিষেক ঘটায়৷ বিগত বৰ্ষৰ ১৮ আগষ্টত উইকেটকীপাৰ বেট্ছমেনজনে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত অভিষেক ঘটায়৷ ছিক্সাৰেৰে টেষ্ট ক্ৰিকেটত ব্যক্তিগত স্ক’ৰৰ সূচনা কৰা প্ৰথমজন ভাৰতীয়ৰ অভিলেখ গঢ়ে পণ্টে৷
ইংলণ্ডৰ বিৰুদ্ধেই বিগত বৰ্ষৰ ১১ ছেপ্টেম্বৰত শতক অৰ্জন কৰে উইকেটকীপাৰ বেট্ছমেনজনে৷ তেওঁ হৈ পৰে ইংলণ্ডৰ বিৰুদ্ধে চেন্সুৰী কৰা ভাৰতৰ প্ৰথমজন উইকেটকীপাৰ৷ ইয়াৰ পিছত তেওঁ ২০১৮ বৰ্ষৰ ২১ অক্টোবৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰথমখন মেচ খেলে৷
ভাৰতীয় দলৰ বৰ্তমানৰ অষ্ট্ৰেলিয়া ভ্ৰমণত ঋষভ পণ্টৰ চমু ক্ৰিকেট কেৰিয়াৰ অধিক জাকত-জিলিকা হৈ পৰিছে৷ ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ ভূমিত প্ৰথমবাৰ ২-১ত টেষ্ট শৃংখলা জয় কৰাত যুৱ ক্ৰিকেটাৰগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এডিলেইডৰ প্ৰথমখন টেষ্টত ১১টা কেছ ধৰি পণ্ট এখন টেষ্টত সৰ্বাধিক কেচ ধৰা প্ৰথমগৰাকী ভাৰতীয় উইকেটকীপাৰ হিচাপে স্বীকৃত হয়৷
চতুৰ্থ ছিডনী টেষ্টত পণ্টে ১৫৯ ৰাণ কৰি টেষ্ট ক্ৰিকেটৰ এজন সুদক্ষ বেটছমেন হিচাপে নিজকে অধিক প্ৰতিষ্ঠিত কৰে৷ এই চেন্সুৰীৰ জৰিয়তে তেওঁ পৰিগণিত হয় অষ্ট্ৰেলিয়াৰ ভূমিত চেন্সুৰী কৰা প্ৰথমজন ভাৰতীয় উইকেটকীপাৰ হিচাপে৷
ছিডনী টেষ্টৰ চেন্সুৰীৰ পিছত ঋষভ পণ্টক এতিয়া তুলনা কৰা হৈছে অষ্ট্ৰেলিয়াৰ আদাম গিলখ্ৰীষ্টৰ সৈতে৷ এই তুলনা কৰিছে অষ্ট্ৰেলিয়াৰে এজন প্ৰাক্তন অতিকৈ সফল অধিনায়ক ৰিকি পণ্টেঙে৷ পণ্টিঙে ঋষভত দেখা পাইছে সুদক্ষ উইকেটকীপাৰ আৰু মাৰমুখী বেট্ছমেন আদাম গিলখ্ৰীষ্টক৷
কেৱল পণ্টিঙেই নহয়, ভাৰতীয় প্ৰাক্তন আৰু বৰ্তমানৰ যশস্বী ক্ৰিকেটাৰসকলেও পণ্টৰ মাজত প্ৰত্যক্ষ কৰিছে ভৱিষ্যতৰ ব্যাপক সম্ভাৱনা৷ এতিয়া পণ্টৰ বাবে মূল কথা হৈছে উল্লিখিত আশা-প্ৰত্যাশাৰ হেঁচাৰ মোকাবিলা কৰিব পৰাটোহে৷ যদি পণ্টে এনে হেঁচাৰ উপযুক্তভাৱে মোকাবিলা কৰি ধাৰাবাহিকভাৱে কিপিং-বেটিঙত উন্নত প্ৰদৰ্শন আগবঢ়াই যায়, তেন্তে তেওঁ গিলখ্ৰীষ্ট বা ধোনীৰ শাৰীত নিশ্চয় অৱস্থান কৰিবগৈ৷ কিন্তু ঋষভ পণ্টৰ বৰ্তমানৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰি নিশ্চিতভাৱে ক’ব পাৰি- এ নিউ গিলখ্ৰীষ্ট ইজ মেকিং...
- Log in to post comments
- 52 views