নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

অসমীয়া জাতিক ভয়ংকৰ ভৱিষ্যতলৈ ঠেলি দিয়াৰ চূড়ান্ত কচৰৎ আৰম্ভ ।

যুটীয়া সংসদীয় সমিতিৰ বহুবিতৰ্কিত প্ৰতিবেদন আজি সংসদৰ উভয় সদনত দাখিলৰ পিছতে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনালে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ত ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত দিনৰ ১ বজাত অনুষ্ঠিত হৈছিল কেন্দ্ৰীয় কেবিনেটৰ বৈঠক ।

উক্ত বৈঠকতে অসমবাসীয়ে নিবিচৰা বিধেয়কখনত অনুমোদন জনোৱা হয় ।

ইয়াৰ লগেই আকৌ এবাৰ প্ৰতিপন্ন হ'ল যে মোডী চৰকাৰৰ ওচৰত অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতিবাদ কিম্বা আৱেগ-অনুভূতি সকলো অসাৰ ।

কাইলৈ বহুবিতৰ্কিত বিধেয়কখনৰ ওপৰত আলোচনা হ'ব লোকসভাৰ মজিয়াত ।

Your Comments