প্ৰথমবাৰলৈ অষ্ট্ৰেলিয়াৰ মাটিত টীম ইণ্ডিয়াৰ টেষ্ট শৃংখলা দখল

প্ৰথমবাৰলৈ অষ্ট্ৰেলিয়াৰ মাটিত টীম ইণ্ডিয়াৰ টেষ্ট শৃংখলা দখল

আজি অষ্ট্ৰেলিয়াত ভাৰতীয় ক্ৰিকেট দলে সৃষ্টি কৰে ইতিহাস৷ বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে অষ্ট্ৰেলিয়াৰ ভূমিত প্ৰথমবাৰৰ বাবে টেষ্ট শৃংখলা জয় কৰে৷ ঘৰুৱা দল অষ্ট্ৰেলিয়াক ২-১ ব্যৱধানত পৰাস্ত কৰি ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী দখল কৰে ভাৰতে৷ ছিডনীত অনুষ্ঠিত চতুৰ্থখন টেষ্টৰ পঞ্চম দিনটোত বৰষুণৰ বাবে খেল অনুষ্ঠিত নহ’ল৷

প্ৰথমবাৰলৈ অষ্ট্ৰেলিয়াৰ মাটিত টীম ইণ্ডিয়াৰ টেষ্ট শৃংখলা দখল

চতুৰ্থখন টেষ্টত অষ্ট্ৰেলিয়াক ফল’ অন কৰাৰ পিছত পঞ্চমদিনা ভাৰতৰ বাবে পূৰ্ণ মাত্ৰাই বিজয়ৰ সুযোগ আছিল যদিও বেয়া বতৰৰ বাবে বিৰাট কোহলী বাহিনীৰ বিজয় স্পৰ্শ সম্ভৱপৰ নহ’ল৷ উল্লেখ্য যে ১৯৪৭-৪৮ চনত লালা অমৰনাথৰ নেতৃত্বত ভাৰতীয় দলে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল৷ তাৰ পিছৰ সুদীৰ্ঘ সময়ছোৱাত ভাৰতীয় দলে বহুবাৰ অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল যদিও কেতিয়াও শৃংখলা জয় কৰিব পৰা নাছিল৷

প্ৰথমবাৰলৈ অষ্ট্ৰেলিয়াৰ মাটিত টীম ইণ্ডিয়াৰ টেষ্ট শৃংখলা দখল

বিগত সময়ছোৱাত সৌৰভ গাংগুলী আৰু মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন শক্তিশালী ভাৰতীয় দলেও অষ্ট্ৰেলিয়াত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী অধিকাৰ কৰিব পৰা নাছিল৷ গতিকে, ভাৰতীয় দলৰ এই শৃংখলা জয় সঁচাকৈয়ে ঐতিহাসিক বিবেচিত হৈছে৷ এই শৃংখলা জয় অধিনায়ক বিৰাট কোহলীৰ ক্ৰিকেট কেৰিয়াৰৰ এটা বিশেষ সফলতা হিচাপে চিহ্নিত হৈছে৷

প্ৰথমবাৰলৈ অষ্ট্ৰেলিয়াৰ মাটিত টীম ইণ্ডিয়াৰ টেষ্ট শৃংখলা দখল

আনহাতে, ২০১৮-১৯ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ শৃংখলাত অষ্ট্ৰেলিয়া দলে ৩১ বছৰৰ মূৰত নিজ দেশত ফল’ অনৰ সন্মুখীন হ’ল৷ যি অষ্ট্ৰেলিয়া দলৰ পূৰ্বতে পৰিলক্ষিত নোহোৱা বেটিং-বলিঙৰ দুৰ্বলতাক প্ৰমাণ কৰিলে আৰু ভাৰতীয় দলৰ নতুন ক্ৰিকেট শৌৰ্যক প্ৰতীয়মান কৰিলে৷

প্ৰথমবাৰলৈ অষ্ট্ৰেলিয়াৰ মাটিত টীম ইণ্ডিয়াৰ টেষ্ট শৃংখলা দখল

উল্লেখ্য যে এই ঐতিহাসিক জয়ৰ পিছত ভাৰতৰ প্ৰবাদপ্ৰতিম ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে সম্বৰণ নোৱাৰিলে আবেগৰ ঢল৷ আনন্দ অশ্ৰু নিগৰাই গাভাস্কাৰে ভাৰতীয় দলক অভিনন্দন জ্ঞাপন কৰে৷

Your Comments