চিৰিয়াখানাৰ পৰা ওলাই যোৱা হৰিণা উদ্ধাৰ হেঙেৰাবাৰীত

চিৰিয়াখানাৰ পৰা ওলাই যোৱা হৰিণা উদ্ধাৰ হেঙেৰাবাৰীত

মহানগৰীৰ হেঙেৰাবাৰীত পুৱাই উদ্ধাৰ এটা হৰিণা। হেঙেৰাবাৰী নৱজ্যোতি ক্লাবৰ সন্মুখত ৰাইজে পুৱাই দেখা পায় মুক্ত বিচৰণ কৰি থকা হৰিণা পহুটো। অসম ৰাজ্যিক চিৰিয়াখানাৰ ভগা দেৱালৰ সুৰুঙাইদি ওলাই যোৱা হৰিণাটোক ইতিমধ্যে ৰাইজে ধৰিবলৈ সক্ষম হৈছে। বন বিভাগক বান্ধি থোৱা হৰিণাটো উদ্ধাৰ কৰাৰ বাবে খবৰ দিয়া বুলিও জানিব পৰা গৈছে।

ইফালে গুৰুত্বপূৰ্ণ কথা এই যে অসম ৰাজ্যিক চিৰিয়াখানাখনৰ সীমান্তত নিৰাপত্তাৰ সু-ব্যৱস্থা নথকা বাবে বহু হৰিণা ৰাজ্যিক চিৰিয়াখানাৰ পৰা ওলাই অহা দেখিবলৈ পোৱা যায়। বহু সময়ত এনেদৰে ওলাই যোৱা হৰিণা ৰাইজে ভক্ষণো কৰে। কিন্তু কোনো গুৰুত্ব নাই অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ।

চিৰিয়াখানা সুৰক্ষা মঞ্চই বহু সময়ত চিৰিয়াখানাৰ এই দুৰ্বল আন্তঃগাঁথনিৰ কথা বন বিভাগৰ লগতে চিৰিয়াখানা কৰ্তৃপক্ষক জনাই আহিছে যদিও কোনো গুৰুত্ব দিয়া নাই চিৰিয়াখানাৰ চাৰিসীমাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ বাবে। ফলত ৰাজ্যিক চিৰিয়াখানাৰ পৰা এপদ এপদকৈ শেষ হৈ গৈছে জীৱ-জন্তু। এই মন্তব্য চিৰিয়াখানা সুৰক্ষা মঞ্চ।

Your Comments