প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক : কাইলৈৰ পৰা বিভিন্ন দল-সংগঠনৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী

প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক : কাইলৈৰ পৰা বিভিন্ন দল-সংগঠনৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী

অসমৰ দলসং-গঠন তথা জনসাধাৰণৰ আন্দোলনক ভৰিৰে মোহাৰি সোমবাৰে কেন্দ্ৰৰ মোডী চৰকাৰে লোকসভাত উত্থাপন কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ আংশিক খচৰা। তাকে লৈ এতিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী।

সদৌ অসম ছাত্ৰ সন্থা সহিতে ৩০টাকৈ জনগোষ্ঠীয় সংগঠনে জাতিধ্বংসী বিধেয়কখন বাতিলৰ বাবে ইতিমধ্যে ৰূপায়ণ কৰিছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী। ঘোষণা কৰিছে বিধেয়কখন বাতিলৰ দাবীত পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী। ঠিক একেদৰে কৃষক মুক্তি সংগ্রাম সমিতি সহিতে ৭০টাকৈ জাতীয় সংগঠনেও আজি ঘোষণা কৰিছে বিধেয়ক বাতিলৰ দাবীত তেওঁলোকৰ আন্দোলনৰ কাৰ্যসূচী। সেই হিচাপে কৃষক মুক্তি সংগ্রাম সমিতিসহ ৭০টাকৈ জাতীয় সংগঠনে সোমবাৰৰ দিনটো পালন কৰিব "ঘৃণা দিৱস" হিচাপে।

সমগ্ৰ ৰাজ্যত কৃষক মুক্তি সংগ্রাম সমিতিসহ ৭০টাকৈ জাতীয় সংগঠনে সোমবাৰে উত্তোলন কৰিব ক'লা পতাকা। ঠিক একেদৰে আছুসহিতে অসমৰ ৩০টাকৈ জনগোষ্ঠীয় সংগঠনেও কাইলৈ অৰ্থাৎ সোমবাৰে সমগ্ৰ ৰাজ্যতে পালন কৰিব "ক'লা দিন"। সেই হিচাপে সমগ্ৰ ৰাজ্যতে সোমবাৰে তেওঁলোকে দাহ কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কৰ লোকসভাত দাখিল কৰা আংশিক প্ৰতিবেদন। ইফালে ৮ তাৰিখৰ দিনা কৃষক মুক্তি সংগ্রাম সমিতিসহ ৭০টাকৈ জাতীয় সংগঠনে জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যত গ্ৰহণ কৰিব অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী।

ফলত কয়লা, খাৰুৱাতেল, বনজ সম্পদ আদি সকলো সম্পদৰ ৰপ্তানি বন্ধ কাৰ্যসূচী পালন কৰিব। অৱশ্যে আগন্তুক ভোগালী বিহুৰ প্ৰতি লক্ষ্য ৰাখি এই অৰ্থনৈতিক অৱৰোধৰ পৰা তেওঁলোকে ৰেহাই দিব খাদ্য-সামগ্ৰীক৷ এই কথা জানিবলৈ দিছে কৃষক মুক্তিসহ ৭০টাকৈ জাতীয় সংগঠনৰ নেতৃবৰ্গই। ইফালে উক্ত দিনটোতে আছুসহ ৩০টাকৈ জনগোষ্ঠীয় সংগঠনে বিধেয়ক বাতিলৰ দাবীত আহ্বান জনাইছে ১১ ঘণ্টীয়া অসম বন্ধ কাৰ্যসূচী।

১০ বছৰৰ মূৰত আছুৱে আহ্বান জনোৱা এই অসম বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে কৃষক মুক্তিসহ ৭০টাকৈ জাতীয় সংগঠনে৷ এই কথা কিছুসময় পূৰ্বে ঘোষণা  নেতৃবৰ্গৰ। আনহাতে, সোমবাৰৰ দিনটোত অসমৰ লেখক-সাহিত্যক, বুদ্ধিজীৱী, শিল্পী তথা সাধাৰণ ৰাইজে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ এই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে দীঘলীপুখুৰীৰ পাৰত গ্ৰহণ কৰিব প্ৰতিবাদী কার্যসূচী। ক'লা পতাকা উত্তোলন কৰি দীঘলীপুখুৰীৰ পাৰত তেওঁলোকে অনুষ্ঠিত কৰিব এখন প্ৰতিবাদী সভা।

সভাত অসমৰ বহুসংখ্যক ব্যক্তি তথা অনুষ্ঠানেও অংশগ্ৰহণ কৰিব। ঠিক একেদৰে বিধেয়ক বাতিলৰ দাবীত সোমবাৰে ৰাজ্যৰ বাওঁপন্থী দলসমূহে গুৱাহাটী ক্লাবৰ পৰা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ গ্ৰহণ কৰিব এক প্ৰতিবাদী কাৰ্যসূচী। ইফালে ৮ তাৰিখৰ দিনা উক্ত জাতিধ্বংসী বিধেয়ক বাতিলৰ দাবীত নেছ'ৰ উদ্যোগত আহ্বান জনোৱা হৈছে উত্তৰ-পূৰ্বাঞ্চল বন্ধ কাৰ্যসূচী। আনহাতে, কৃষক মুক্তিসহ ৭০টাকৈ জাতীয় সংগঠনে জাতিৰ স্বাৰ্থত আছুসহ ৩০টাকৈ জনগোষ্ঠীয় সংগঠনৰ লগ হৈ আন্দোলন কৰাৰ বাবেও প্ৰস্তাৱ আগবঢ়াইছে।

মুঠৰ ওপৰত কাইলৈ অৰ্থাৎ সোমবাৰৰ বাবে এতিয়া সাজু হৈছে অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়াৰ লগতে প্ৰতিটো জাতীয় দল-সংগঠন। সকলোৰে কেৱল এটাই দাবী, হিন্দু বাংলাদেশীক ৰঙা দলিচা পাৰি দিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰিব লাগে। লগতে অসমৰ প্ৰতিটো সংগঠনে জানিবলৈ দিছে যে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক এয়াই শেষ সকীয়নি। যদি ইমানৰ পাছতো বিধেয়ক বাতিল নহয় তেন্তে অসমৰ পৰিস্হিতি ভয়াৱহ হ'ব বুলিও সকীয়নি প্ৰদান কৰিছে।

Your Comments