আধাত্ম্য সাধনমুখী সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠান একশৰণ ভাগৱতী সমাজৰ ৮, ৯ আৰু ১০ মাৰ্চ তাৰিখে হ'বলগা পঞ্চদশ ত্রিবাৰ্ষিক প্ৰাদেশিক পালনাম আৰু অধিবেশনৰ আজি লাইখুঁটা স্থাপন কৰা হয়৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বঢ়াৰপো মাধৱদেৱ ক্ষেত্রত হ'বলগীয়া অধিবেশনৰ বাবে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা আদৰণী সমিতিৰ সভাপতি দেবানন্দ হাজৰিকাই লাইখুঁটা স্থাপন কৰে৷
লাইখুঁটা স্থাপনত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ উপাচাৰ্য কমলাকান্ত পাঠক, সাংগঠনিক উপাচাৰ্য ধৰ্মেশ্বৰ দাস, প্ৰধান সচিব জ্যোতিপ্ৰসাদ দাস, যুটীয়া সচিব জয়ৰাম হাজৰিকা, স্বপন কুমাৰ দাস, সহ-সচিব বাপুকণ ডেকা, তিলক ডেকাকে ধৰি অঞ্চলটোৰ ৰাইজে সহযোগ কৰে৷
তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগা একশৰণ ভাগৱতী সমাজ, অসমৰ পঞ্চদশ ত্রিবাৰ্ষিক অধিবেশনখনিৰ বাবে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকাক সভাপতি, মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ হাজৰিকা আৰু মুনীন দাসক কাৰ্যকৰী সভাপতি, দেৱেন হাজৰিকাক উপ-সভাপতি, হাহিৰাম দাসক প্ৰধান সম্পাদক, ৰমেশ হাজৰিকা আৰু জীতেন দাসক যুটীয়া সম্পাদক হিচাপে লৈ ১৭খন উপ-সমিতি গঠন কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া ভকত-বৈষ্ণৱক আদৰিবলৈ প্ৰস্তুতি চলাইছে৷
- Log in to post comments
- 24 views