নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কুমাৰীকাটাত ঘাইপথ অৱৰোধ কৃষক মুক্তিৰ 

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কুমাৰীকাটাত ঘাইপথ অৱৰোধ কৃষক মুক্তিৰ 

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত আজি তামুলপুৰৰ কুমাৰীকাটাত ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ দুঘণ্টীয়া পথ অৱৰোধথলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৰ্ধশতাধিক সদস্য উপস্থিত থাকে৷

পথ অৱৰোধকাৰীসকলে হাতে হাতে বেনাৰ, প্লে'-কাৰ্ড আদি লৈ আৰ এছ এছ মুৰ্দাবাদ, ৰঞ্জিত দাস মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, নাগৰিকত্ব সংশোধনী বিধায়ক বাতিল হ'বই লাগিব, বাংলাদেশী খেদিব লাগিবই আদি শ্লোগান দি উত্তাল কৰি তোলে কুমাৰীকাটাৰ ৰাজপথ৷

পথ অৱৰোধথলীত কুমাৰীকাটাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি জিলা সম্পাদক থানেশ্বৰ কলিতাসহ পথ অৱৰোধকাৰীসকলক আটক কৰি থানালৈ লৈ যায়৷ ইপিনে পথ অৱৰোধৰ ফলত পথছোৱাত যান-বাহনৰ চলাচল বন্ধ হৈ পৰে৷

Your Comments