অক্টোবৰত প্ৰিয়ংকা চোপ্ৰাৰ বিয়া !

অক্টোবৰত প্ৰিয়ংকা চোপ্ৰাৰ বিয়া !

বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা বিবাহপাশত আবদ্ধ হ’ব অহা অক্টোবৰ মাহত। এই খবৰে সম্প্ৰতি আলোড়নৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্যমতে প্ৰিয়ংকা তেওঁৰ বন্ধু, আমেৰিকাৰ বিখ্যাত গায়ক নিক জোনাছৰ সৈতে বিবাহ বান্ধোনত সোমাব। বিগত ২০১৭ বৰ্ষৰ পৰাই দুয়োকে একেলগে দেখা গৈছে। যোৱা ১৮ জুলাইত প্ৰিয়ংকাৰ জন্মদিন আছিল। জন্মদিনটো প্ৰিয়ংকাই নিকৰ সৈতে উদযাপন কৰে লণ্ডনত। তাৰ পিছতে দুয়োৰে বিয়াৰ খবৰ ওলাইছে বিভিন্ন সংবাদ মাধ্যমত। উল্লেখ্য যে কিছুদিন পূৰ্বে নিক ভাৰতলৈ আহি প্ৰিয়ংকাৰ পৰিয়ালৰ সৈতেও সময় কটাইছিল।

Your Comments