ছিপাঝাৰৰ নাট্য প্ৰতিভা ত্ৰৈলোক্য নাথৰ আকস্মিক বিয়োগ

ছিপাঝাৰৰ নাট্য প্ৰতিভা ত্ৰৈলোক্য নাথৰ আকস্মিক বিয়োগ

ছিপাঝাৰৰ সামাজিক-সাংস্কৃতিক-সাহিত্য ক্ষেত্ৰৰ লগত ওতপ্ৰোতভাৱে জড়িত যুৱ প্ৰতিভা ত্ৰৈলোক্য কুমাৰ নাথ (ৰিংকু)ৰ বৃহস্পতিবাৰে দিনৰ এঘাৰ বজাত আকস্মিক বিয়োগ ঘটে। বিশেষভাৱে নাট্য জগতৰ লগত জড়িত ত্ৰৈলোক্য নাথৰ মৃত্যুৰ সময়ত বয়স আছিল ৪২ বছৰ। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম)ৰ অন্তৰ্গত যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ প্ৰকল্পৰ ওদালগুৰি জিলাৰ জিলা সমন্বয়ক হিচাপে কৰ্মৰত ত্ৰৈলোক্য নাথে আজি নিজ কৰ্তব্যৰ বাবে ওদালগুৰিৰ পৰা টংলালৈ আহি থকা অৱস্থাত টংলা ৰে’ল ষ্টেচনত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটি লয়। দুটি সন্তানৰ পিতৃ ত্ৰৈলোক্য নাথে মৃত্যুৰ সময়ত পত্নীৰ লগতে দেউতাক-ভায়েকসহ পৰিয়ালৰ আন সদস্যসকলক এই সংসাৰত এৰি থৈ যায়। তেখেতৰ এই অকাল বিয়োগত সমগ্ৰ ছিপাঝাৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে।ছিপাঝাৰৰ নাট্য প্ৰতিভা ত্ৰৈলোক্য নাথৰ আকস্মিক বিয়োগ

উল্লেখ্য যে ত্ৰৈলোক্য কুমাৰ নাথে এগৰাকী অপেছাদাৰী নাট্যকৰ্মী হিচাপে দৰং জিলাৰ লগতে অসম তথা ভাৰতৰো বিভিন্ন প্ৰান্তত বিভিন্ন নাটকত অভিনয় কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দি থৈ গৈছে। ‘ছিগাল’ত দুবছৰীয়া নাট সম্পৰ্কীয় প্ৰশিক্ষণপ্ৰাপ্ত ত্ৰৈলোক্য নাথে ভ্ৰাম্যমাণ নাট্য জগততো অভিনয় কৰিছিলতেওঁ দুবছৰ অসমৰ প্ৰতিষ্ঠিত ভ্ৰাম্যমাণ নাট্য দল আৱাহন থিয়েটাৰ আৰু দুবছৰ মা কল্যাণী থিয়েটাৰত অভিনয় কৰিছিল। আনহাতে, ছিপাঝাৰৰ অপেছাদাৰী নাট্যগোষ্ঠী ৰিকা-১৩ৰ এগৰাকী অন্যতম প্ৰতিষ্ঠাপক তথা চৰ্চা, ৰিকা-অনিৰুদ্ধ আদি নাট্যগোষ্ঠীৰ লগত জড়িত থাকি ছিপাঝাৰত নাট্য চৰ্চাৰ এক প্ৰগতিশীল পৰিৱেশ ৰচনা কৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন নাট্যানুষ্ঠানত অংশগ্ৰহণ কৰি বঁটা আৰু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি নাট্যকাৰ তথা নাট পৰিচালক হিচাপেও ত্ৰৈলোক্য নাথে নিজৰ প্ৰতিভাৰ পৰিচয় দি থৈ গৈছে দৰঙী কলাকৃষ্টিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ লগতে সাহিত্য ক্ষেত্ৰতো ত্ৰৈলোক্য নাথে উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। মৃত্যুৰ সময়লৈকে তেওঁ সামাজিক, সাংস্কৃতিক তথা শৈক্ষিক স্বেচ্ছাসেৱী অনুষ্ঠান ‘ছীডছ’ৰ সম্পাদক আৰু ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ ১৯৯৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ আহ্বায়ক হিচাপেও কাৰ্যনিবাহ কৰি আছিল। তেখেতৰ এই অকাল মৃত্যুত ছিপাঝাৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ছিপাঝাৰৰ সাংস্কৃতিক জগতত বিশাল ক্ষতি বুলিও মন্তব্য কৰে।

Your Comments