তামুলপুৰত সমবায় সজাগতা সভা

তামুলপুৰত সমবায় সজাগতা সভা

মহিলা সবলীকৰণৰ বাবে চৰকাৰে বহুতো আঁচনি গ্ৰহণ কৰিছে। চৰকাৰৰ এই উন্নয়নমূলক আঁচনিসমূহৰ সুফল লাভ কৰিবলৈ মহিলাসকল আগবাঢ়ি আহিব লাগে। আজি তামুলপুৰ মথংগাফুৰি পাৰ্কত বাক্সা জিলা সমবায় সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সমবায়  সজাগতা সভা এখনত যোগদান কৰি তামুলপুৰ সমষ্টিৰ বিধায়ক তথা অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ ইমানুৱেল মুছাহাৰীয়ে এইদৰে কয়।

বিটিচিৰ কাৰ্যবাহী সদস্য দেৱেন বড়োৱে কয়, "ঘৰখন, সমাজখনৰ উন্নতিৰ বাবে আত্মসহায়ক গোটৰ প্ৰয়োজন। চৰকাৰে এই গোটবোৰৰ উন্নতিৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে।" তেওঁ এইবোৰৰ সুফল গ্ৰহণৰ বাবে মহিলা গোটবোৰক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে সৰু-সুৰা কামবোৰ কৰিও আমি স্বাৱলম্বী হ'ব পাৰো। মুগা পলু, এৰি পলু, ডায়েৰী ফাৰ্ম কৰিও আমি স্বাৱলম্বী হ'ব পাৰো।

তামুলপুৰত সমবায় সজাগতা সভা

বাক্সা জিলা সমবায় সমিতিসমূহৰ উপ-পঞ্জীয়ক জয়ন্ত খেৰকটাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি এপেক্স বেংকৰ প্ৰাক্তন পৰিচালক দিগন্ত কাকতিয়ে পৰিৱৰ্তনশীল বজাৰ ব্যৱস্থাত তেওঁ কৃষকসকলক জৈৱিক পদ্ধতিৰে খেতি কৰি লাভৱান হ'বলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত তেওঁ কয় যে সম্প্ৰতি বিশ্বত জৈৱিক খেতিৰ আন্দোলন হ'ব ধৰিছে। সেয়ে তেওঁ অনাগত দিনত থলুৱা বীজবোৰ সংৰক্ষণ কৰি সেইবোৰেৰে খেতি কৰিবলৈ আহ্বান জনায়।

সভাপতিৰ আসনৰ পৰা ভাষণ দি জয়ন্ত খেৰকটাৰীয়ে সমবায় আন্দোলনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবল কৰিবলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত তেওঁ বাক্সাৰ মহিলাসকলক একগোট কৰি মহিলা বেংক গঠন কৰাৰ পৰিকল্পনাৰ কথা সদৰী কৰে। আজিৰ এই সমবায় সজাগতা সভাত তামুলপুৰৰ বিপিএফৰ নেতা উপেন বসুমতাৰী, অভিজিত দাস দেউৰী, ধীৰেন বৈশ্য, সুভাষ বসুমতাৰী আৰু সমবায় বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক, সহকাৰী পৰিদৰ্শক, তামুলপুৰৰ সমবায় সমিতিসমূহৰ সভাপতি-সম্পাদক, আত্মসহায়ক গোটৰ সদস্যা, কে'বাখনো কৃষি সমবায় সমিতিসমূহৰ সদস্যসকল উপস্থিত থাকে।

Your Comments