তামুলপুৰত এবছুৰ ৫১সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

তামুলপুৰত এবছুৰ ৫১সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

অহা ৭, ৮ আৰু ৯ জানুৱাৰীত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত হ'ব নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫১সংখ্যক কেন্দ্ৰীয় অধিবেশন।

গৌজোন ফৌথাৰ (সমন্বয় ক্ষেত্ৰ)ত অনুষ্ঠিত হ'বলগা কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে। প্ৰায় ১ কোটি টকা বাজেট নিৰ্ধাৰণ কৰা এবছুৰ কেন্দ্ৰীয় অধিৱেশনত প্ৰায় এহেজাৰ বৰ্গফুট মাটিকালি সামৰি এখন প্ৰদৰ্শনী, গ্ৰন্থমেলা, জনগোষ্ঠীয় বস্ত্ৰমেলা, বাণিজ্য মেলা আৰু বিভিন্ন জনগোষ্ঠীয় খাদ্যমেলা অনুষ্ঠিত হ'ব৷

তামুলপুৰত এবছুৰ ৫১সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিশেষকৈ দিল্লী, চণ্ডীগড়, পশ্চিমবঙ্গ, মহাৰাষ্ট্ৰ, ত্ৰিপুৰা আদিৰ লগতে নেপাল, বাংলাদেশ আৰু ভূটানৰ পৰাও প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই অধিবেশনত৷ এই অধিৱেশনতে ভাৰতৰ ক্ষুদ্ৰৰাজ্য দাবী সমিতি (এন এফ এন এছ)ৰো এখন কাৰ্যকৰী সভা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে আদৰণী সমিতিয়ে।

তামুলপুৰত এবছুৰ ৫১সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি

প্ৰায় ৭০০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া এবছুৰ কেন্দ্ৰীয় অধিৱেশনৰ বাবে পাঁচ শতাধিক স্বেচ্ছাসেৱক-সেৱিকাৰ সামৰিক কুছকাৱাজ আৰু নৃত্যশিল্পীৰ নৃত্য-গীতৰ অনুশীলনে অধিৱেশনস্থলীত এতিয়া উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে এবছুৰ এই অধিবেশনৰ পিচতে হয়তো পৃথক বডোলেণ্ডৰ দাবী অধিক তীব্ৰতৰ হৈ উঠিব।

Your Comments