কামপুৰ-কাৰ্বিআংলং সংযোগী পথত কপিলী নদীৰ ব্যাপক খহনীয়া

কামপুৰ-কাৰ্বিআংলং সংযোগী পথত কপিলী নদীৰ ব্যাপক খহনীয়া

নগাঁও জিলাৰ কামপুৰ বকুলগুৰিত কপিলী নদীৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ। যিকোনো মুহূৰ্ততে কপিলীৰ বুকুত জাহ যাব পাৰে কামপুৰ আৰু পশ্চিম কাৰ্বি আংলং জিলা সংযোগী গড়কাপ্তানী পথ। ইতিমধ্যে বিভাগীয়ভাৱে পথটোৰে যাতায়াত বন্ধ কৰি দিছে যদিও বিকল্প পথ নথকাৰ বাবে একাংশ লোকে বিপজ্জনকভাৱে পথটোৰে যান-বাহন চলাই আহিছে। ফলত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ বকুলগুৰি অঞ্চলত। আনহাতে, পথটো ছিগি গ'লে কপিলীৰ গতিপথেই সলনি হৈ পৰাৰ আশংকাই দিছে। যাৰ ফলত ৰহা সমষ্টিৰ গৰুবাট আৰু জৰাবাৰী মৌজাৰ কেইবা সহস্ৰাধিক জনসাধাৰণৰ বাবে নতুন সমস্যাৰ সৃষ্টি হ' ব। স্থানীয় ৰাইজে চৰকাৰক  ইয়াৰ স্থায়ী সমাধানৰ শীঘ্ৰে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। কামপুৰ-কাৰ্বিআংলং সংযোগী পথত কপিলী নদীৰ ব্যাপক খহনীয়া

Your Comments