৮-৯ জানুৱাৰীত চকাবন্ধ

৮-৯ জানুৱাৰীত চকাবন্ধ

কেন্দ্ৰীয় চৰকাৰে পুঁজিপতি গোষ্ঠীসমূহক ৰঙা দলিচা পাৰি দিয়াৰ উদ্দেশ্যৰে ১৯৮৮ চনৰ মটৰ ভেহিকল আইন সংশোধন ঘটাব বিচাৰিছে। কেৱল এয়াই নহয়, মোডী চৰকাৰখনে ৪৪খন শ্ৰমিক আইন ভাঙি ৪খন আইন প্ৰস্তুত কৰি শ্ৰমিকৰ সুৰক্ষা নাইকিয়া কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰিছে।

এই দাবী সদৌ অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চ। আজি গুৱাহাটী প্ৰেছ ক্লাবত সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতি আৰু মটৰ শ্ৰমিকৰ স্বাৰ্থবিৰোধী নীতিৰ বিৰুদ্ধে এক সংবাদমেল সম্বোধন কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক কৃষ্ণ বৰাই। উক্ত সংবাদমেলত উপস্থিত থাকে সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ সাধাৰণ সম্পাদক এ ৰেজ্জাক আহমেদ আৰু অসম পেট্ৰ'লিয়ম মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰমেন দাস।

সংবাদমেল সম্বোধন কৰি সদৌ অসম মটৰ শ্ৰমিক যৌথ মঞ্চৰ সাধাৰণ সম্পাদক কৃষ্ণ বৰাই কয় যে অহা ৮ আৰু ৯ জানুৱাৰী তাৰিখৰ দিনা সমগ্ৰ দেশত ট্ৰেড ইউনিয়ন আৰু শ্ৰমিক সংগঠনসমূহে কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে আহ্বান জনাইছে সাধাৰণ ধৰ্মঘট কাৰ্যসূচী। উক্ত কাৰ্যসূচীত সেই দিন দুটাত অংশগ্ৰহণ কৰিব দেশৰ ট্ৰেড ইউনিয়ন আৰু শ্ৰমিক সংগঠনসমূহে। তাৰ প্ৰতি সন্মান জনাই অসমতো উক্ত দিন দুটাত সদৌ অসম মটৰ শ্ৰমিক যৌথ মঞ্চই পালন কৰিব সাধাৰণ ধৰ্মঘট কাৰ্যসূচী। তাৰবাবে ৮ আৰু ৯ জানুৱাৰীত সমগ্ৰ অসমত আহ্বান জনোৱা হৈছে ৪৮ ঘণ্টীয়া চকা বন্ধ কাৰ্যসূচী।

এই বন্ধৰ কাৰ্যসূচীৰ প্ৰতি সদৌ অসম মটৰ শ্ৰমিক যৌথ মঞ্চৰ প্ৰতিটো সংগঠনে পূৰ্ণ সমৰ্থন জনাইছে বুলি সংবাদমেলত জানিবলৈ দিয়ে কৃষ্ণ বৰাই। ইয়াৰ উপৰি তেওঁ জানিবলৈ দিয়ে যে এই কাৰ্যসূচীৰ প্ৰতি অসম শ্ৰমিক সন্থায়ো সমৰ্থন জনাইছে। সংবাদমেলত অসম পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰমেন দাসে জানিবলৈ দিয়ে যে উক্ত চকাবন্ধৰ ফলত ৰাজ্যত নাটনি হ'ব ইন্ধনজাত সামগ্ৰীৰ লগতে ৰন্ধন গেছৰ যোগান।

ইয়াৰ উপৰি ইন্ধনৰ অভাৱত উক্ত দিন দুটাত ব্যাহত হ'ব পাৰে সম্পূৰ্ণ যাতায়াত ব্যৱস্থা। বাতিল হ'ব পাৰে বহুতো বিমানৰ সময়সূচী। বন্ধ হ'ব পাৰে ৰাজ্যৰ ৰে'ল চলাচল ব্যৱস্থা। কাৰণ হিচাপে তেওঁ সংবাদমেলত জানিবলৈ দিয়ে এই বন্ধৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসম পে'ট্ৰলিয়ম মজদুৰ ইউনিয়নে। ইফালে এই সংবাদমেলতে তেওঁলোকে জানিবলৈ দিয়ে যে কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ বাবে উক্ত বন্ধৰ পৰা কাৰ্বিআংলং জিলাক ৰেহাই দিয়াৰ কথা।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ শ্ৰমিক আৰু মটৰ আইনসমূহ সংশোধন ঘটাই পুঁজিপতি ব্যক্তিসকলৰ সুবিধাৰ বাবে চিন্তা কৰি আহিছে। তাৰ প্ৰতিবাদতে ট্ৰেড ইউনিয়ন আৰু শ্ৰমিক সংগঠনসমূহে উক্ত দিন দুটাত সাধাৰণ ধৰ্মঘটৰ কাৰ্যসূচীৰ আহ্বান জনাইছে। এই কথা জানিবলৈ দিয়ে সংবাদমেলত উপস্থিত থকা সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ সাধাৰণ সম্পাদক এ ৰেজ্জাক আহমেদে।

Your Comments