ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে উত্তাল তামুলপুৰ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে উত্তাল তামুলপুৰ

অসমত বসবাস কৰা ছয় জনগোষ্ঠী ক্ৰমে কোচ ৰাজবংশী, টাই আহোম, চুতীয়া, মৰাণ, মটক আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ ওলোৱা প্ৰক্ৰিয়াৰ বিৰুদ্ধে আজি উত্তাল হৈ পৰে তামুলপুৰ| জনজাতি সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আজি তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত এক তিনিঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে উত্তাল তামুলপুৰ

ভাৰত চৰকাৰে শেহতীয়াভাৱে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ লোৱা প্ৰক্ৰিয়াৰ বিৰুদ্ধাচৰণ কৰি ৰূপায়ণ কৰা এই কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে "অসম চৰকাৰ গ' বেক, বিজেপি চৰকাৰ হুঁচিয়াৰ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া বন্ধ কৰক, জনজাতিসকলক প্ৰাপ্য অধিকাৰ আদায় দিয়ক" আদি শ্লোগানেৰে তামুলপুৰৰ আকাশ-বতাহ উত্তাল কৰি তোলে। পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ভাৰতৰ প্ৰধান মন্ত্রীলৈ এখনি স্মাৰক-পত্র প্ৰেৰণ কৰে।

Your Comments