শংকৰদেৱ সংঘৰ অধিবেশন প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী ৰিহন দৈমাৰীয়ে 

a

মৰিগাঁৱৰ পৰা জিতুমনি নাথ 

মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অহা ৬ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৯ ফ্ৰেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগা ৮৮সংখ্যক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশনৰ উখল-মাখল পৰিবেশৰ মাজতে আজি অধিবেশনৰ প্ৰস্তুতিৰ বুজ ল'লে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৷ মন্ত্ৰীগৰাকীয়ে দুপৰীয়া অধিবেশনস্থলীত উপস্থিতহৈ আদৰণি সমিতিৰ বিষয়ববীয়াৰে অধিবেশনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰে ৷

ইতিমধ্যে অধিবেশনস্থলীত যুদ্ধকালীনভাৱে নিৰ্মাণকাৰ্য চলি থকা মূলমণ্ডপ, শিবিৰ, নামঘৰ, অতিথিশালা, ভোজনালয়, গ্ৰন্থমেলাস্থলী আদিৰ পৰিদৰ্শন কৰি মন্ত্ৰী দৈমাৰীয়ে প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব বুলি উল্লেখ কৰে ৷ বিশেষকৈ ভকত-বৈষ্ণৱ, আই-মাতৃ আৰু অতিথিসকলৰ বাবে বিভাগীয়ভাবে স্বচ্ছ অভিযানৰ অধীনত শৌচাগাৰ আৰু পানী যোগানৰ ক্ষেত্ৰত অধিবেশনস্থলীত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে ৷

আনহাতে ৮৮ সংখ্যক অধিবেশনখনি সৰ্বাঙ্গ সুন্দৰ কৰি তুলিবলৈ আদৰণী সমিতিৰ লগতে ২০ খনতকৈও অধিক বিভিন্ন উপ-সমিতি আৰু  ভকত-বৈষ্ণবসকলে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ইফালে মৰিগাঁও নগৰৰ পথসমূহ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে আবন্টন দিয়া ৩৩ কোটি টকাৰে পথ উন্নয়নৰ কাম দ্ৰতগতিত আৰম্ভ হৈছে যদিও এই পথসমূহৰ নিৰ্মাণ কাৰ্য বিভাগীয় নীতি নিৰ্দেশনাক একাংশ পথ নিৰ্মাণকাৰী ঠিকাদাৰে বৃদ্ধাংগুস্থ প্ৰদৰ্শন কৰা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

ফলত মৰিগাঁও নগৰৰ পথসমূহৰ উন্নয়ন কিমান ফলপ্ৰসূ হ'ব সেয়া বৰ্তমানে এক চিন্তনীয় হৈ পৰিছে মৰিগাওঁবাসীৰ বাবে। আনহাতে এক দৃষ্টিনন্দন শোভাযাত্ৰাৰ বাবে আটক ধুনীয়া ৰথ নিৰ্মাণত দিনে-নিশাই ব্যস্ত হৈ পৰিছে একাংশ ভক্ত বৈষ্ণৱ। মুঠৰ ওপৰত অধিবেশনখনি সকলো ক্ষেত্রতে সাফল্য মণ্ডিত কৰিবলৈ শংকৰদেৱ সংঘৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল দিনে নিশাই মগ্ন হৈ পৰিছে। 

Your Comments