যুৱ কংগ্ৰেছৰ 'বেহটৰ ভাৰত' আঁচনিৰ শুভাৰম্ভ

w

আজি কটন বিশ্ববিদ্যালয়ৰ সুদমাৰ্চন হলত এন এছ ইউ আইৰ উদ্যোগত ৰাহুল গান্ধীৰ "বেহটৰ ভাৰত' আঁচনিখন শুভ উদ্বোধন কৰা হয়। এই আঁচনিখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটি ৰাজ্যিক পৰ্যবেক্ষক হৰিশ ৰাৱত, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক তথা ৰাহুল গান্ধীৰ 'বেহটৰ ভাৰত'ৰ প্ৰচাৰক ৰুচি গুপ্তা, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, জয়নাথ শৰ্মা, প্ৰদ্যুত ভূঞা, দুলু আহমেদ প্ৰমুখ্যে যুৱ কংগ্ৰেছৰ নেতৃত্ব আৰু কংগ্ৰেছৰ সদস্যসকল। উল্লেখযোগ্য যে এই আঁচনিখনে মূলতঃ ৪টা দিশক প্ৰধান গুৰুত্ব দিছে৷ আঁচনিখনৰ বিষয়ে জানিবলৈ দিয়ে 'বেহটৰ ভাৰত'ৰ প্ৰচাৰক ৰুচি গুপ্তাই।

Your Comments